গৱেষণা : কফিয়ে আয়ুস কাল বৃদ্ধি কৰে

0
14

কফি এক উত্তেজকবৰ্ধক পানীয়৷ কফি সেৱনে এজন মানুহৰ শৰীৰলৈ কাম কৰাৰ প্ৰতি আগ্ৰহ জন্মায়৷ শীতকালত প্ৰচণ্ড ঠাণ্ডাৰ বাবে একো কামকে কৰিবলৈ মন নাযায়৷ ঠাণ্ডাৰ বাবে লেপৰ তলৰ পৰা উঠিবলৈয়ে মন নকৰে বা হাতৰ বান্ধ খুলিবলৈ ইচ্ছা নকৰে৷ কিন্তু তেনে অৱস্থাত যদি আপুনি ধোঁৱাই থকা কফি একাপ সেৱন কৰিব পাৰে, আপুনি সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিব৷ ঠাণ্ডা আপোনাৰ শৰীৰৰ বাবে পলাই-পত্ৰং দিব৷ অথবা মনৰ অশান্তি, মন ভাল নলগা, কামত মন বহুৱাব নোৱাৰা অৱস্থা হ’লে লগে লগে একাপ কফি সেৱন কৰিলে ৰিজাল্ট লগে লগে পাব৷ মস্তিষ্কৰ জড়তা ভাঙিবলৈ কফি সেৱন কৰিব পাৰে৷ আপোনাৰ অত্যন্ত টোপনি টোপনি লাগি থাকিলে কফি সেৱন কৰিলে শৰীৰ সক্ৰিয় হৈ উঠে৷ মুঠতে কফিয়ে শৰীৰ সক্ৰিয় তথা কাৰ্যক্ষম কৰি ৰখাত সহায় কৰে৷ আনহাতে শেহতীয়াভাৱে কফিক লৈ চলোৱা এক অধ্যয়নে সকলোকে আচৰিত কৰি তুলিছে৷ এই নতুন অধ্যয়নৰ মতে কফি পানে মানুহৰ আয়ুস কাল প্ৰায় দুবছৰ বৃদ্ধি কৰিব পাৰে৷ পূৰ্বতে প্ৰকাশিত গৱেষণাৰ প্ৰতিবেদন পৰ্যালোচনা কৰি চলোৱা আৰু এজিং ৰিছাৰ্চ ৰিভিউজ জাৰ্নালত প্ৰকাশিত অধ্যয়নটোত কফি পানৰ উপকাৰসমূহ বৰ্ণনা কৰা হৈছে আৰু কোৱা হৈছে যে কফিয়ে মানুহৰ আয়ুস গড়ে ১.৮ বছৰ বৃদ্ধি কৰিব পাৰে৷ পৰ্টুগালৰ গৱেষকসকলৰ মতে, বিশ্বৰ জনসংখ্যাৰ আয়ুস বৃদ্ধি পাইছে আৰু নিয়মিতভাৱে মধ্যমীয়া মাত্ৰাত কফি পানে স্বাস্থ্যৱান আৰু ভাৰসাম্যপূৰ্ণ জীৱনশৈলী উন্নত কৰিব পাৰে৷ কফিয়ে হৃৎপিণ্ডৰ ৰোগ, দীৰ্ঘস্থায়ী ৰোগ আদিৰ বিপদ হ্ৰাস কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here