গৱেষণাৰ ফল : পৰিচ্ছন্ন বিদ্যুৎ উৎপাদনৰ পদ্ধতি

0
1288


সাম্প্ৰতিক কালত বিশ্বত পৰিচ্ছন্ন বিদ্যুৎৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও চাহিদা অনুপাতে বিদ্যুৎ উৎপাদন কৰিব পৰা নাই৷ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াভাৱে বিজ্ঞানীৰ দল এটাই পাতল বায়ুৰ পৰা পৰিচ্ছন্ন বিদ্যুৎ উৎপাদন কৰাৰ পথ লাভ কৰিবলৈ সক্ষম হৈছে৷ বিজ্ঞানীসকলে ইতিমধ্যে জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে বিদ্যুৎ উৎপাদনৰ উৎসৰ সন্ধান কৰি আহিছিল৷ আনহাতে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বিদ্যুৎ উৎসৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছিল৷ তেনে সময়ত পাতল বায়ুৰ পৰাই পৰিচ্ছন্ন বিদ্যুৎ পাব পৰাটো এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ এই পৰিচ্ছন্ন বিদ্যুৎ উৎপাদনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সফল কৰি তুলিছিল আম হাৰ্ছক’ৰ ইউমাছৰ কলেজ অব ইঞ্জিনিয়াৰিঙৰ বৈদ্যুতিক আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ সহকাৰী অধ্যাপক জুন য়াঙৰ নেতৃত্বত বিজ্ঞানীৰ দল এটাই৷ তেওঁলোকে জেনেৰিক এয়াৰ জেন প্ৰভাৱৰ দ্বাৰা পাতল বায়ুৰ পৰা পৰিচ্ছন্ন বিদ্যুৎ উৎপাদনৰ পৰীক্ষণ পদ্ধতিটোত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে এই গৱেষণাৰ প্ৰতিবেদন জাৰ্নাল এডভান্সড মেটেৰিয়েলত প্ৰকাশ পাইছে৷ উক্ত পৰীক্ষা সম্পন্ন হোৱাৰ পাছত বিজ্ঞানীৰ দলটোৱে পাতল বায়ুৰ পৰা পৰিচ্ছন্ন বিদ্যুৎ উৎপাদন কৰিব পৰা পদ্ধতিটো অনাগত দিনত বিদ্যুৎ ক্ষেত্ৰখনত এক যুগান্তকাৰী হিচাপে বিবেচিত হ’ব বুলি আশা ব্যক্ত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here