পৃথিৱীৰ পৰা চন্দ্ৰ দূৰলৈ যোৱাৰ বিষয়টো কেইবা দশক আগেয়ে জানিব পাৰিছিল বিজ্ঞানীয়ে৷ এইবাৰ উইছকনছিন-মেডিচন বিশ্ববিদ্যালয়ে কৰা এক গৱেষণাৰ পৰা জনা গৈছে যে পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব বঢ়াৰ লগে লগে আমি বাস কৰা গ্ৰহটোৰ দিনৰ দৈৰ্ঘ্যৰ পাৰ্থক্য বাঢ়িছে৷ অৰ্থাৎ পৃথিৱীৰ এদিনত ২৪ ঘণ্টাৰ পৰিৱৰ্তে দিনৰ দৈৰ্ঘ্য ২৫ ঘণ্টা হ’ব৷ অৱশ্যে এনে দাবী কিমান গ্ৰহণযোগ্য বা সত্য, তাতো নিশ্চয় সংশয় আছে৷ কাৰণ এই থিয়’ৰি সকলোখিনি কথা এতিয়াও গৱেষণাৰ স্তৰতে আছে তথা সেইটোও এটা ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে৷ আনহাতে এই দাবী যদি সঁচাকৈয়ে সত্যতা লাভ কৰে, তেন্তে চিন্তাৰো কোনো কাৰণ নাই৷ কিয়নো এইধৰণৰ পৰিৱৰ্তন হওঁতে প্ৰায় ২০ কোটি বছৰ লাগিব পাৰে৷ গৱেষণাত কোৱা হৈছে যে আজিৰ পৰা ১৮ কোটি বছৰ আগতে মাত্ৰ ১৮ ঘণ্টাতেই এদিন আছিল পৃথিৱীত৷ সেই সময় সলনি হৈ এতিয়া ২৪ ঘণ্টাত এদিন হৈছে৷ আনহাতে বৰ্তমান পৃথিৱীৰ পৰা চন্দ্ৰৰ দৈৰ্ঘ্য ৩ লাখ ৮৪ হাজাৰ ৪০০ কিলোমিটাৰ৷ বৰ্তমান সময়ত চন্দ্ৰই প্ৰতিবছৰে প্ৰায় ৩.৮ ছেণ্টিমিটাৰকৈ পৃথিৱীৰ পৰা দূৰলৈ গৈ আছে৷ পৃথিৱীৰ পৰা চন্দ্ৰৰ ক্ৰমান্বয়ে হোৱা এই দূৰত্ব বৃদ্ধিয়ে পৃথিৱীলৈ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে বুলি সদৰী কৰিছে বিজ্ঞানীয়ে৷