গৱেষকৰ পিৰামিডৰ ৰহস্য উন্মোচনত বিৰাট সাফল্য

0
96

চাৰি হাজাৰ বছৰৰো আগতে নিৰ্মিত মিছৰৰ পিৰামিডৰ ৰহস্য ভেদ কৰিবলৈ বিৰাট সাফল্য লাভ কৰা বুলি দাবী কৰিছে বিজ্ঞানীয়ে৷ এই পিৰামিডবোৰ কিদৰে নিৰ্মাণ কৰা হৈছিল অথবা ইমান বছৰ ধৰি কিদৰে এইবোৰ নষ্ট নোহোৱাকৈ অক্ষত অৱস্থান আছে, ইয়াক লৈ বিস্তৰ গৱেষণা চলাইছিল নৰ্থ কেৰ’লিনা উইলমিংটন বিশ্ববিদ্যালয়ৰ এদল গৱেষকে৷ বিশ্ববিখ্যাত জাৰ্নাল দ্য জাৰ্নাল নেচাৰত এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে৷ গৱেষকসকলে জনোৱা মতে পিৰামিডবোৰ বহু বছৰ আগতে বিলুপ্ৰ হোৱা নীল নদীৰ এটা প্ৰাচীন শাখাক লৈ হয়তো নিৰ্মাণ কৰা হৈছিল৷ নদীৰ সেই শাখাটো মৰুভূমি আৰু কৃষিভূমি নিচেই তলতে আছে৷ আহৰামাত নামৰ নীল নদীৰ সেই শাখাটোৰ তেওঁলোকে সন্ধান লাভ কৰিছে৷ নীল নদীৰ এই শাখাটো সম্ভৱতঃ ৬৪ কিলোমিটাৰ দীঘল তথা ২০০ৰ পৰা ৭০০ মিটাৰ প্ৰশস্ত আছিল৷ বিশালকাৰ পিৰামিডবোৰ কিদৰে নিৰ্মাণ সম্ভৱ হৈছে তথা কোন প্ৰযুক্তিৰ বলত সেই প্ৰাচীন স্থাপত্যবোৰ নিৰ্মিত হৈছে. ইয়াক লৈ বহু বছৰ ধৰি অধ্যয়ন তথা গৱেষণা কৰি আহিছে বিজ্ঞানীয়ে৷ বহু বছৰ ধৰি প্ৰত্নতাত্ত্বিকসকলে ধাৰণা কৰিছিল যে ওচৰৰ কোনো নদীপথৰ বাবে প্ৰাচীন মিছৰীয় সুবৃহৎ পাথৰখণ্ডসহ পিৰামিড প্ৰস্তুতৰ উপকৰণ বহন কৰিছে আৰু নদীৰ ওপৰত সেইবোৰ নিৰ্মাণ হৈছে৷ অৱশ্যে এইপৰ্যন্ত সেই নদীৰ অৱস্থান তথা ইয়াৰ বিশালতা নিশ্চিত হোৱা নাই বুলি নৰ্থ কেৰোলিনা উইলমিংটন বিশ্ববিদ্যালয়ৰ গৱেষকে জনাইছে৷ গৱেষকে ভূ-উপগ্ৰহৰ ছবি, ঐতিহাসিক মানচিত্ৰ, ভূ-পদাৰ্থগত জৰীপ আৰু পলল কেৰিঙৰ মাধ্যমেৰে নদীৰ এই অংশটো বিচাৰি পাইছে৷ বহু বছৰ আগেয়ে অত্যধিক খৰাং, ধূলিবালিৰ কাৰণে ই মাটিৰ তলতে সোমাই পৰিছিল৷ বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰি বালিৰ তলৰ প্ৰৱেশ তথা লুকাই থকা বৈশিষ্ট্যৰ ছবি ব্যৱহাৰ কৰি ইয়াক চিনাক্ত কৰা হৈছে৷ গৱেষকলৰ দলটোৰ সদস্য ড॰ সুজান অন্সটিয়েনে কৈছে যে তেওঁলোকৰ হাতত যি তথ্য আছে তাৰ পৰা এইটো নিশ্চিত যে ইয়াত জলপথ আছিল৷ পিৰামিডৰ ওজনবিশিষ্ট ব্লক, সৰঞ্জাম, শ্ৰমিকসহ এই সকলোবোৰ বহনৰ বাবে এই জলপথটো ব্যৱহাৰ কৰা হৈছিল৷ আনহাতে প্ৰাচীন মিছৰীয় শ্ৰমিকৰ পৰিৱৰ্তে নদীৰ সোঁতত সুবিশাল পাথৰবোৰ ইয়াত লাগি ধৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here