গৱেষকৰ দাবী : ভৱিষ্যতে কৃষ্ণ গহ্বৰ হ’ব শক্তিৰ উৎস

0
189


কৃষ্ণ গহ্বৰৰ ভিতৰত মাধ্যাকৰ্ষণ শক্তি ইমানেই শক্তিশালী যে ইয়াৰ ভিতৰত এবাৰ প্ৰৱেশ কৰাৰ পাছত ইয়াৰ পৰা কোনো ওলাই আহিব নোৱাৰে৷ ভৱিষ্যতে ইয়াক শক্তিৰ উৎসৰূপে ব্যৱহাৰ কৰিব পৰা যাব নেকি? ইয়াৰ উত্তৰ পোৱা গৈছে শেহতীয়াকৈ কৰা এটা অধ্যয়নত৷ এই অধ্যয়নটোৰ প্ৰতিবেদনত এই বুলি দাবী কৰা হৈছে যে ভৱিষ্যতে মানুহে কৃষ্ণ গহবৰক বেটাৰীৰ দৰে ব্যৱহাৰ কৰিব৷ ইয়াত কৃষ্ণ গহ্বৰৰ পৰা শক্তি লাভ কৰাৰ উপায়ৰ বিষয়েও উল্লেখ কৰা হৈছে৷ পিকিং বিশ্ববিদ্যালয়ৰ কাৱলী ইনষ্টিটিউট ফৰ এষ্ট্ৰ’নমী এণ্ড এষ্ট্ৰ’ফিজিচিষ্ট জ্ঞান ফেং মাইয়ে এই বুলি দাবী কৰিছে যে ভৱিষ্যতে কৃষ্ণ গহবৰক বেটাৰীৰূপে ব্যৱহাৰ কৰিব পাৰি৷ কৃষ্ণ গহবৰৰ পৰা কেনেকৈ শক্তি আহৰণ কৰিব পাৰি সেই বিষয়ে তেওঁ জানে৷ কোনো এটা বেটাৰী অপাৰেট কৰি থকাৰ দৰেই কৃষ্ণ গহবৰক ব্যৱহাৰ কৰিব পৰা যাব৷ প্ৰথমে বৈজ্ঞানিকসকলে কৃষ্ণ গহবৰৰ ভিতৰত বৃহৎ সংখ্যক আধানযুক্ত কণা প্ৰৱেশ কৰোৱাব লাগিব আৰু কৃষ্ণ গহবৰক আধানযুক্ত কৰি ল’ব লাগিব৷ বৃহৎ হাৰত এই কাম কৰিব লাগিব৷ কৃষ্ণ গহ্বৰে প্ৰথমে এই আধানযুক্ত কণাবোৰ আকৰ্ষিত কৰিব৷ যেতিয়ালৈকে ই কণাবোৰ আকৰ্ষিত কৰি থাকিব তেতিয়ালৈকে এই কাৰ্য অব্যাহত ৰাখিব লাগিব৷ ইয়াৰ পাছত কৃষ্ণ গহবৰৰ ইলেক্ট্ৰিক ফিল্ড চাৰ্জে আধানযুক্ত কণাবোৰ বাহিৰলৈ ঠেলিব৷ যেতিয়া কৃষ্ণ গহবৰৰ ইলেক্ট্ৰ মেগনেটি ৰিপালছন মাধ্যাকৰ্ষণ শক্তিক কৈ অধিক হ’ব, তেতিয়া কৃষ্ণ গহবৰটোক চাৰ্জ হোৱা বুলি ধৰি লোৱা হ’ব৷ ইয়াৰ ফলত আইনষ্টাইনৰ সূত্ৰ অনুসৰি কৃষ্ণ গহবৰৰ ভিতৰত থকা আধানযুক্ত কণাবোৰৰ ভাৰ শক্তিলৈ সলনি হ’ব৷ ইয়াক পুনৰ ব্যৱহাৰ কৰিব পৰা যাব৷ যদিহে এটা কৃষ্ণ গহবৰৰ ২৫% চাৰ্জ কৰিব পৰা যায় তেতিয়া ই যিকোনো এটা পাৰমাণৱিক বোমাতকৈ ২৫০ গুণ অধিক শক্তিশালী হৈ পৰিব৷ এতিয়া এই শক্তিক বিদ্যুৎ যোগানৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here