গৱেষকৰ দাবী : কভেক্সিনতকৈ কভিশ্বিল্ডে অধিক এণ্টিবডী প্ৰস্তুত কৰে

0
1092
কভিশ্বিল্ড ভেক্‌চিনৰ দুটা পালিয়ে কভেক্সিনতকৈ অধিক এণ্টিবডী প্ৰস্তুত কৰে বুলি ভাৰতৰ স্বাস্থ্য সেৱা কৰ্মীসকলৰ এইচ ডি ডব্লিউৰ এক অধ্যয়নত প্ৰকাশ পাইছে৷ উক্ত অধ্যয়নটোত এইটোও প্ৰকাশ পাইছে যে কভিশ্বিল্ড ভেক্‌চিন গ্ৰহণৰ পাছত কৰ’নাৰ সংক্ৰমণ তুলনামূলকভাৱে কম হোৱা দেখা যায়৷ চিকিৎসকৰ এটা দলে প্ৰস্তুত কৰা অধ্যয়নত কোৱা হৈছে যে যিসকল স্বাস্থ্য কৰ্মীয়ে কভিশ্বিল্ডৰ দুয়োটা পালি লাভ কৰিছে, তেওঁলোকৰ কোনোৱেই অসুস্থ হোৱা নাই৷ যদিও দুয়োটা ভেক্‌চিনৰ পালিয়েই সুৰক্ষামূলক, তথাপি ভেক্‌চিনৰ এটা পালিয়ে প্ৰদান কৰা সুৰক্ষাৰ ক্ষেত্ৰত কিছু তাৰতম্য দেখা গৈছিল বুলি অধ্যয়নটোত প্ৰকাশ পাইছে৷ উল্লিখিত অধ্যয়নটোৰ বাবে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মে’ মাহলৈ ১৩খন ৰাজ্য আৰু ২২খন চহৰৰ মুঠ ৫১৫জন স্বাস্থ্য কৰ্মীক সামৰি লৈ মূল্যায়ন কৰা হৈছিল৷ উক্ত অধ্যয়ন সন্দৰ্ভত চিকিৎসা বিশেষজ্ঞই কয় যে কভিশ্বিল্ডৰ এটা পালিৰ ফলত কভেক্সিনতকৈ প্ৰায় ১০ গুণ এণ্টিবডী প্ৰস্তুত হয় আৰু কভিশ্বিল্ড ভেক্‌চিনৰ ফলত উৎপন্ন হোৱা এণ্টিবডীবোৰ কভেক্সিন ভেক্‌চিনবোৰতকৈ প্ৰায় ৬ গুণ বেছি সক্ৰিয়৷ কলকাতাৰ জি ডি হস্পিটেল এণ্ড ডায়বেটিছ ইন্‌ষ্টিটিউটৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ এ কে সিঙে কয় যে কভিডৰ দ্বিতীয় ঢৌৰ এপ্ৰিল মাহৰ পাছত কভিড চিকিৎসালয়সমূহত বৰ্ধিতসংখ্যক ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰায়সংখ্যক চিকিৎসক সংক্ৰমিত হৈছে যদিও কভিশ্বিল্ড ভেক্‌চিন লোৱা হেতু কোনো ক্ষতিৰ পৰিণাম দেখিবলৈ পোৱা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here