গৱেষকৰ জিন থেৰাপীৰ দ্বাৰা বংশগত অন্ধত্ব প্ৰতিৰোধ

0
91

ইৰানৰ কেইবাজনো গৱেষকৰ দলে অপ্টিমাইজড ৰিকম্বিনেণ্ট ভাইৰেল ভেক্টৰ উদ্ভাৱনৰ মাধ্যমেৰে চকুৰ বংশগত ৰোগ ৰেটিনাইটিছ পিগমেণ্টোছাত আক্ৰান্ত ৰোগীৰ অন্ধত্ব প্ৰতিৰোধ সফল হৈছে৷ ৰেটিনাইটিছ পিগমেণ্টোছা ৰেটিনাৰ একপ্ৰকাৰ অৱক্ষয় তথা বংশগত অন্ধত্বৰ সকলোতকৈ সাধাৰণ কাৰণসমূহৰ এটা৷ প্ৰায় দুই হাজাৰ পাঁচশজনৰ ভিতৰত এজনে এই ৰোগত আক্ৰান্ত হ’ব পাৰে৷ এই ৰোগৰ প্ৰথম স্তৰ হিচাপে কুকুৰীকণাৰ পৰা আৰম্ভ হৈ শেষত সম্পূৰ্ণ অন্ধত্বৰ দিশ গতি কৰে৷ শেহতীয়াভাৱে গৱেষকৰ নেৰানেপেৰা চেষ্টাৰ ফলত এই ৰোগৰ পৰা আৰোগ্য হোৱাৰ সফলতা পাবলৈ সক্ষম হৈছে৷ ইৰানৰ ছিনিয়ৰ গৱেষক মাৰিয়াম হাকছেনাছে এই সম্পৰ্কে কৈছে যে উপৰিউক্ত ৰোগৰ চিকিৎসাৰ কাৰণে কাৰ্যকৰী পদক্ষেপবোৰৰ এটা হ’ল কাৰ্যকৰ জিন স্থানান্তৰৰ বাবে অপ্টিমাইজড ৰিকম্বিনেণ্ট ভাইৰেল ভেক্টৰ উৎপাদন কৰা৷ হাকছেনাছে জনাইছে যে ৰেটিনাইটিছ পিগমেণ্টোছাৰ চিকিৎসাৰ বাবে এই পদ্ধতিটো ব্যৱহাৰ কৰি এটা ভাইৰাছ তৈয়াৰ কৰা হৈছে, যাৰ ভিতৰত এই জিনৰ এটা সুস্থ সংস্কৰণ আছে৷ ইৰানী গৱেষকে কৈছে যে উৎপাদিত ভাইৰাছটো ৰোগীৰ চকুত ইনজেকশ্যন দিয়াৰ সময়ত পূৰ্বোক্ত জিন ৰেটিনাৰ কোষৰ ধবংস প্ৰতিৰোধ কৰে৷ হাকছেনাছে লগতে কৈছে যে এই জিন থেৰাপী প্ৰযুক্তিৰ কোনোটোৱেই এইপৰ্যন্ত ইৰানৰ প্ৰচলন নাছিল৷ বৰং ইৰানত প্ৰথমবাৰৰ বাবে এই গৱেষণা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here