গৱেষকে বিচাৰি পালেমানুহৰ আয়ুস বৃদ্ধিৰ সহজ উপায়

0
194


মানুহৰ আয়ুস কেনেকৈ বৃদ্ধি কৰিব পাৰি তাক লৈ গৱেষকসকলে দীৰ্ঘ দিন গৱেষণা কৰি আহিছে৷ একাংশ গৱেষকৰ মতে, মানুহে এসময়ত অমৰত্ব লাভ কৰিব, কিন্তু কেনেকৈ সেইটো সম্ভৱ হ’ব পাৰে তাৰ ব্যাখ্যা আগবঢ়াবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই৷ অৱশ্যে অমৰত্ব লাভ কৰিব নোৱাৰিলেও মানুহৰ আয়ুস বৃদ্ধি কৰাৰ এক সহজ উপায় বিচাৰি পাইছে গৱেষকসকলে৷ আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰা শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা মতে, সেউজ পৰিৱেশত থকা মানুহৰ আয়ুস বৃদ্ধি পায়৷ ছায়েন্স এডভান্সেজ নামৰ পত্ৰিকাখনৰ শেহতীয়া সংস্কৰণত প্ৰকাশ পোৱা এই গৱেষণাৰ প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে৷ ইয়াত উল্লেখ কৰা অনুসৰি সেউজ পৰিৱেশত থকা মানুহৰ বিভিন্ন ধৰণৰ জৈৱিক আৰু আনৱিক পৰিৱৰ্তন হোৱা দেখা পোৱা যায় যাৰ ফলত জৈৱিক আয়ুস হ্ৰাস পালেও ক্ৰনলজিকেল অৰ্থাৎ প্ৰকৃত বয়স বৃদ্ধি পায়৷ এজন ব্যক্তিৰ থকা আৰু খোৱাৰ ওপৰত নিৰ্ভৰ কৰে তেওঁক জৈৱিক আয়ুস আৰু সেই অনুসৰি জৈৱিক আয়ুস হ্ৰাস বা বৃদ্ধি পায়৷ যদিহে কোনো এজন ব্যক্তিৰ জৈৱিক বয়স তেওঁৰ ক্ৰন’লজিকেল বয়সতকৈ বেছি হয় তেতিয়া তেওঁ সোনকালে প্ৰৌঢ়ত্ব লাভ কৰে৷ বৃদ্ধ বয়সত হোৱা সকলো ৰোগে তেওঁৰ গাত দেখা দিয়ে আৰু আয়ুসত চাউলো কমি আহে৷ বিশেষজ্ঞসকলৰ মতে জৈৱিক বয়স প্ৰকৃত বয়সতকৈ কম হোৱা লোকসকল দীৰ্ঘ দিন তৰুণ হৈ থাকে৷ আগতে জৈৱিত বয়স কমোৱাৰ বাবে সেউজীয়া শাক-পাচলি তথা ফল-মূল খোৱা আৰু শাৰিৰীক অনুশীলন কৰাৰ পৰামৰ্শ দিছিল৷ এতিয়া ইয়াৰ লগতে সেউজীয়া পৰিৱেশ অৰ্থাৎ গছ-গছনিৰে পৰিপূৰ্ণ স্থানত থকাৰ পৰামৰ্শ দিয়া হৈছে৷ এই অধ্যয়নটো কৰা হৈছিল আমেৰিকাৰ চাৰিখন মহানগৰত সেউজ পৰিৱেশৰ মাজত থকা আৰু কংক্ৰিটৰ মাজত থকা লোকসকলক লৈ৷ তেওলোকে দুটা দশক ধৰি এই লোকসকলক নিৰীক্ষণ কৰিছিল৷ প্ৰায় ৯০০ লোকক লৈ কৰা এই অধ্যয়নটোৰ জৰিয়তে তেওঁলোকে দীৰ্ঘ দিন সেউজীয়া পৰিৱেশত থকা মানুহৰ স্বাস্থ্যত কেনে ধৰণৰ প্ৰভাৱ পৰে সেই কথা জানিবলৈ বিচাৰিছিল৷ গৱেষকৰ দলটোৱে এই লোকসকলৰ ডি এন এ পৰীক্ষা কৰাত এবিধ ৰাসায়নিকৰ পৰিৱৰ্তন দেখা পায় যাক মিথাইলেশ্যন বুলি কোৱা হয়৷ অৱশ্যে এই প্ৰক্ৰিয়াটো ডি এন এত হৈয়ে থাকে৷ কিন্তু বয়স বৃদ্ধি পোৱাৰ লগে লগে ইয়াত পৰিৱৰ্তন দেখা পোৱা যায় যাক এপিজেনেটিক ক্লক বুলি কোৱা হয়৷ এপিজেনেটিক ক্লকে মানুহ যুৱ বা বৃদ্ধি হোৱাৰ বিষয়ে জনায়৷ গৱেষণাটোত গৱেষকসকলে দেখিবলৈ বা যে মানুহ যিমানেই গছ-গছনিৰ ওচৰত থাতে সিমানেই এপিজেনেটিক ক্লক লাহে লাহে চলে৷ যিবিলাক লোকৰ ঘৰৰ পৰা ৫ কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৩০% অঞ্চল সেউজীয়া অৰ্থাৎ গছ-গছনিৰে ভৰি থাকে তেওঁলোকক ২০% গছ-গছনি থকা লোকসকলতকৈ আঢ়ৈ বছৰ তৰুণ অধিক কম বয়সীয়া যেন লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here