গৰ্ভৱতী মহিলাই গাখীৰৰ সৈতে কৰ্নফ্লেক্স খালে কি লাভ হয়?

0
455
প্ৰায় বেছিভাগৰে ঘৰত ৰাতিপুৱাৰ ব্ৰেকফাষ্টত কৰ্নফ্লেক্স গ্ৰহণ কৰা হয়৷ গাখীৰৰ লগত কৰ্নফ্লেক্সৰ সোৱাদেই সুকীয়া৷ এতিয়া কথা হ’ল আপুনি কৰ্নফ্লেক্স খাবলৈ সোৱাদযুক্ত হোৱাৰ বাবে খায় নে ইয়াৰ উপকাৰিতাৰ বিষয়েও জানে৷ হয়, কৰ্নফ্লেক্স খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে ই আমাৰ স্বাস্থ্য ধৰি ৰখাতো যথেষ্ট সহায় কৰে৷ মাকৈৰে তৈয়াৰী এইবিধ খাদ্যবস্তুত প্ৰচুৰ পৰিমাণে আইৰন, ভিটামিন-A, ভিটামিন-B, ভিটামিন-C, ভিটামিন-D, ভিটামিন-E পোৱা যায়৷ ডায়েটেচিয়ানৰ মতে ইয়াত থিয়ামিন পোৱা যায়, যি মেটাবলিক ৰেট আৰু শক্তি বৃদ্ধি কৰাত উপযোগী৷

[১] কৰ্নফ্লেক্সত ভৰপূৰ মাত্ৰাত ফাইবাৰ পোৱা যায়৷ ফল আৰু Dry fruits-ৰ লগত ইয়াক সেৱন কৰিলে ইয়াৰ পুষ্টিকতা অধিক বৃদ্ধি পায়৷ ফলত পেটসম্বন্ধীয় যিকোনো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷


[২] গৰ্ভৱতী মহিলাৰ বাবে কৰ্নফ্লেক্স অতি উত্তম৷ ই নতুন কোষ গঠন হোৱাত সহায় কৰে লগতে গৰ্ভাৱস্থাত ওজনৰ ভাৰসাম্য, এনিমিয়া, কোষ্ঠকাঠিন্যতা আদিৰ সমস্যাৰ পৰাও প্ৰসূতিগৰাকীক সুৰক্ষা দিয়ে৷

Diet Tips for Diabetic Patients: Corn Flakes


[৩] কৰ্নফ্লেক্স প্ৰ’টিনৰ ভাল উৎস৷ গাখীৰৰ লগত ইয়াক খালে প্ৰ’টিনৰ মাত্ৰা দুগুণ বৃদ্ধি পায়৷ এই প্ৰ’টিনে আপোনাৰ ইমিউনিটি বৃদ্ধি কৰাত সহায় কৰে৷


[8] ইয়াত থকা আইৰনে শৰীৰৰ ৰক্তস্তৰ উন্নত কৰে৷ ফলত মগজু সক্ৰিয় হৈ থকাত আৰু শৰীৰ কাৰ্যক্ষম হৈ থকাত সহায়ক হয়৷


[৫] কম চৰ্বিযুক্ত এই খাদ্যবিধে আপোনাৰ পেটভৰ্তি হৈ থকাত সহায় কৰে৷ ফলত ওজন বৃদ্ধি হোৱা সমস্যাৰ পৰা যথেষ্ট সকাহ পাব পাৰে৷
কিন্তু মনত ৰাখিব দিনত এবাৰহে কৰ্নফ্লেক্স খাব, নহ’লে ইয়াত থকা ছুগাৰে আপোনাৰ ওজন বৃদ্ধিত অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here