গৰম গাখীৰ নে ঠাণ্ডা গাখীৰ– কোনবিধ বেছি উপকাৰী?

0
1356


বৰ্তমানৰ দ্ৰুততৰ জীৱন-যাত্ৰাত মানুহে সঠিকভাৱে খোৱা-বোৱা কৰাৰ সময় নোহোৱা হৈছে৷ ইয়াৰ ফলত সহজতে পোৱা ফাষ্টফুড খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ অস্বাস্থ্যকৰ খোৱা বা কামৰ হেঁচাৰ বাবে শৰীৰ দুৰ্বল অনুভৱ কৰা যায়৷ এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি প্ৰতিদিনে খাদ্য তালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰা উচিত৷ গাখীৰ কেলচিয়াম, পটাচেয়াম, ভিটামিনৰ-ডিৰ ভাল উৎস হেতু আমি নিয়মিতভাৱে গাখীৰ খোৱা দৰকাৰ৷ কিন্তু কথাটো হ’ল আপুনি গৰম গাখীৰ খাব নে ঠাণ্ডা গাখীৰ খাব?

কোনবিধ গাখীৰ আমাৰ স্বাস্থ্যৰ পক্ষে ভাল জানো আহক–
গাখীৰ ঠাণ্ডা বা গৰম– দুই ধৰণে সেৱন কৰাৰ বিভিন্ন সুবিধা আছে৷ গাখীৰ শৰীৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটা উপাদান৷ গাখীৰে শৰীৰৰ কেলচিয়াম, পটাচিয়াম আৰু ভিটামিনৰ অভাৱ পূৰণ কৰাত সহায় কৰে৷
যদি Sleep apnea অৰ্থাৎ শুই থাকোঁতে হঠাতে উশাহ বন্ধ হোৱা যেন অনুভৱ হোৱা একধৰণৰ ৰোগ থাকে, তেন্তে আপুনি শোৱাৰ আগে আগে এক গিলাচ গৰম গাখীৰ সেৱন কৰক৷ গাখীৰত ট্ৰিপট’নিন নামৰ এমিন’ এচিড থাকে যিয়ে ছেৰ’টনিন আৰু মেলাট’নিন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰে৷ আমাৰ ভাল টোপনি অহাত এই দুবিধ উপাদানে যথেষ্ট সহায় কৰে৷


গৰম গাখীৰ সহজে হজম হয়৷ আনহাতে যিসকলৰ লেক্ট’জ হজম কৰাত সমস্যা হয়, তেওঁলোকে ঠাণ্ডা গাখীৰ সেৱন কৰিলে সমস্যাই দেখা দিব পাৰে৷
ঠাণ্ডা গাখীৰ সেৱন কৰাৰ ফলত শৰীৰৰ পানীৰ অভাৱ পূৰণ হয়৷ যদি জ্বৰ, কাহ, চৰ্দি আদি হৈ আছে, তেন্তে ঠাণ্ডা গাখীৰ সেৱনৰ পৰা বিৰত থাকক৷ খোৱাৰ সময়ত আধা গিলাচ গাখীৰ সেৱন কৰিলে এচিডিটিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ অম্লজনিত জ্বলা-পোৰাৰ বাবে ঠাণ্ডা গাখীৰে কাৰ্যকৰী ভূমিকা লয়৷
বিশেষজ্ঞৰ মতে খুব বেছি গৰম গাখীৰ খোৱা উচিত নহয়৷ আনহাতে ফ্ৰীজত ৰখা ঠাণ্ডা গাখীৰো শৰীৰৰ বাবে ভাল নহয়৷ গাখীৰ গৰম কৰি ঠাণ্ডা কৰি বা পৰিৱেশৰ উষ্ণতাৰ সমতুল গাখীৰহে আমি খাব লাগে৷ এনে গাখীৰহে আমাৰ শৰীৰৰ বাবে উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here