গৰমৰ দিনত অত্যধিক পানীৰ পিয়াহ লাগি গল শুকাই গৈছে যদি এটা তিয়ঁহ কাটি খাই দিবচোন৷ লগে লগে পিয়াহ নাইকিয়া হৈ যাব লগতে আপুনি শৰীৰৰ শক্তিও আহৰণ কৰিব পাৰিব৷ তিয়ঁহত থকা ভিটামিনে খনিজৰ অভাৱ নোহোৱা কৰে৷ আনহাতে ওজন কমোৱাৰ ক্ষেত্ৰত তিয়ঁহ অত্যন্ত কাৰ্যকৰী৷ ডায়েবেটিছ ৰোগীয়ে তিয়ঁহ খালে অত্যন্ত চমৎকাৰী ফল পোৱা যায়৷ সাধাৰণতে তিয়ঁহ চালাড বা ভাজি আঞ্জা কৰি খোৱা হয়৷ বজাৰত প্ৰায় সকলো সময়তে পোৱা এইবিধ পাচলিত দুৰ্দান্ত গুণ পোৱা যায়, যি জানিলে হয়তো আপুনি অবাক হৈ পৰিব৷ তিয়ঁহৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷
তৰমুজৰ দৰে তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থাকে৷ গৰমকালি তিয়ঁহ খালে শৰীৰত পানীৰ অভাৱ দূৰ হয়৷ তিয়ঁহে শৰীৰক হাইড্ৰেট কৰি শৰীৰ সুস্থ কৰি ৰাখে৷ ইয়াত মেগনেচিয়াম, পটাচিয়াম আদি বিভিন্ন পুষ্টিকৰ উপাদান পোৱা যায়, যি শৰীৰৰ বাবে প্ৰয়োজনীয়৷
শৰীৰৰ ওজন হ্ৰাসত তিয়ঁহে মুখ্য ভূমিকা গ্ৰহণ কৰে৷ তিয়ঁহে কেলৰিৰ পৰিমাণ কমাই ৰাখে৷ সেয়ে তিয়ঁহে ওজন বৃদ্ধিত বাধা প্ৰদান কৰে৷
তিয়ঁহত থকা কিউকাৰবিটানিছ নামৰ উপাদানে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে লগতে কেঞ্চাৰৰ জীৱাণুক নষ্ট কৰিব পাৰে৷ তিয়ঁহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ গৱেষণাত এই কথা প্ৰকাশ হৈছে৷
তিয়ঁহ মেগনেচিয়াম, পটাচিয়াম, খনিজ আদিৰে ভৰপূৰ৷ ছডিয়াম, মেগনেচিয়াম, পটেচিয়ামৰ ওপৰত ৰক্তচাাপ বহুখিনি নিৰ্ভৰ কৰে৷ সেয়ে ৰক্তচাপ নিয়ন্ত্ৰণত তিয়ঁহ যথেষ্ট উপকাৰী৷
বয়স বঢ়াৰ লগে লগে হাড়ৰ ক্ষমতাও কমি আহে৷ হাড় ভঙা, হাড় ক্ষয় যোৱা, হাড়ৰ গঠন বিন্যাসৰ সলনি বা হাড়ৰ বিভিন্ন সমস্যাই সেই সময়ত দেখা দিয়ে৷ হাড়ৰ সুৰক্ষাৰ কাৰণে ভিটামিন-কে অতি গুৰুত্বপূৰ্ণ উপাদান৷ তিয়ঁহত ভিটামিন-কে যথেষ্ট পৰিমাণে পোৱা যায়৷ তিয়ঁহ নিয়মিতভাৱে খালে হাড়ৰ শক্তি, টিছুৰ ক্ষমতা আদি বাঢ়ি হাড় মজবুত হৈ থাকে৷
তিয়ঁহত এণ্টিঅক্সিডেণ্টৰ মাত্ৰা যথেষ্ট পৰিমাণে থাকে৷ ষ্ট্ৰেচ, উদ্বেগ, শৰীৰৰ কাৰ্যক্ষমতা বৃদ্ধিত তিয়ঁহে বাধা দিয়ে৷ যাৰ ফলত ডায়েবেটিছ, কেঞ্চাৰৰ লেখীয়া জটিল ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ আনহাতে তিয়ঁহত বেটা কেৰ’টিন আৰু মেগনেচিয়ামৰ যৌগই দুৰাৰোগ্য ব্যাধিৰ পৰা সুৰক্ষা প্ৰদান কৰে৷