গৰমৰ দিনত চুলিত ঘাম জমি আঠা আঠা হয় : সমাধানৰ উপায়

0
18

গৰমৰ দিনকেইটাত প্ৰখৰ ৰ’দৰ ফলত শৰীৰৰ লগতে মূৰতো ঘাম বাহিৰ হয় আৰু এই ঘাম চুলি জমা হৈ হৈ বেক্টেৰিয়াৰ সংক্ৰমণ ঘটি চুলিকোছা আঠালতীয়া হৈ পৰে৷ চুলিকোছা ৰুক্ষ হয়৷ এইদৰে মূৰৰ ছালত ষ্টেফাইলোকক্কাছ বেক্টেৰিয়াৰ সংক্ৰমণ ঘটে৷ যাৰ ফলত মুখত ব্ৰন, ৰঙা পৰা বা মূৰত গুটি গুটি ওলায়৷ দীৰ্ঘসময় চুলিৰ গুৰিত এইদৰে ঘাম জমা হৈ চুলি সৰা, চুলিৰ ৰুক্ষতাই দেখা দিয়ে৷ গৰমৰ দিনত কম-বেছি এই সমস্যা সকলোৰে ক্ষেত্ৰতে হয়৷ সেয়ে গৰমৰ দিনকেইটাত যিদৰে ছালৰ যত্ন লোৱা হয়, ঠিক একেদৰে চুলিৰ ক্ষেত্ৰতো যত্নপৰ হোৱা দৰকাৰ৷ নহ’লে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ আনহাতে মেলাচেজিয়া নামৰ একপ্ৰকাৰৰ ভেঁকুৰৰ পৰা কনটেক্ট ডাৰ্মাটাইটিছ হ’ব পাৰে৷ ইয়াৰ ফলত ছালৰ খজুৱতি, মূৰৰ পৰা আঁহৰ দৰে ছাল উঠি যোৱা আৰু চুলি আঁচুৰিলে জ্বলা-পোৰা কৰা আদি হ’ব পাৰে৷ গৰমৰ দিনত মূৰৰ তালুৰ ঘাম আৰু ধূলি মাকতি জমা হৈ চুলিৰ গুৰি দুৰ্বল কৰে৷ ফণিৰে চুলি ফণিয়ালে দেখিব চুলি সৰিবলৈ লৈছে৷ সেয়ে এই সময়ত মূৰৰ তালু শুষ্ক ৰখা জৰুৰী৷ বাহিৰলৈ ওলোৱাৰ সময়ত চুলি ঢাকি ৰাখিব অথবা টুপী বা স্কাৰ্ফ ব্যৱহাৰ কৰিব পাৰে৷ আনৰ ফণি, প্ৰসাধনী, তেল বা ক্ৰিম কেতিয়াও ব্যৱহাৰ কৰিব নালাগে৷ ইয়াৰ পৰাও বেক্টেৰিয়াৰ সংক্ৰমণ হ’ব পাৰে৷ গৰমৰ দিনকেইটা খুব বেছিকৈ জেল বা ছিৰাম মূৰত ব্যৱহাৰ কৰা ভাল নহয়৷ মূৰৰ ছালৰ এলাৰ্জিৰ সমস্যা চৰ্ম বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত৷ গৰমৰ দিনত চুলিত এনে ছেম্পু ব্যৱহাৰ কৰা উচিত, যাতে এণ্টি ফাংগাল উপাদান থাকে৷ মূৰত ঘাম জমা হৈ মূৰৰ পৰা দুৰ্গন্ধ বাহিৰ হ’লে মূৰত গোলাপ জম ব্যৱহাৰ কৰিব পাৰে৷ কপাহৰ সহায়ত মূৰত গোপাল জল লগালে সুফল পাব৷ আনহাতে পানীৰ সৈতে কেইফোটামান আপেল চিডাৰ ভিনেগাৰ মিহলাই মূৰত ঘঁহিলে ব্ৰন, মূৰত ৰঙা ফোহা আদি নোহোৱা হয়৷ ইয়াৰ ফলত এলাৰ্জিজনিত সংক্ৰমণো দূৰ হয়৷ নাৰিকল আৰু অলিভ অইলৰ সৈতে নিম তেল মিহলাই অলপ গৰম কৰিব৷ এতিয়া এই মিশ্ৰণটোৰে মূৰৰ মালিচ কৰিলে ভেঁকুৰৰ সংক্ৰমণ নোহোৱা হয়৷ ৰ’দত বাহিৰলৈ ওলাবলগীয়া হ’লে ছানব্লক ক্ৰিম বা ছিৰাম চুলিত লগাব পাৰে৷ মূৰৰ ছালত ব্ৰুনৰ সমস্যা বাঢ়িলে মৌ আৰু কেঁচা হালধি ৰস উলিয়াই মিশ্ৰণ কৰি ব্ৰনত লগাব পাৰে৷ নাৰিকল তেল আৰু কেইফোটা টি ট্ৰি অইল মিহলাই মূৰত লগালে এলাৰ্জিৰ সমস্যা নিৰ্মূলত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here