গৰমৰ দিনত ঘৰ ঠাণ্ডা কৰি ৰখাৰ এইবোৰ টিপছ

0
19

প্ৰখৰ সূৰ্যৰ তাপত বাহিৰত ঘূৰি ফুৰাটো অসম্ভৱ হৈ পৰে৷ প্ৰবল উত্তাপত ক’তো থিতাপি ল’ব নোৱৰা হয়, উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গছৰ ছাঁ, বাঁহনিৰ জোপোহাৰ আঁৰ লয়৷ আনকি এনে উৎকট গৰমৰ পৰা ঘৰৰ ভিতৰতো থকাৰ পৰিৱেশ নাইকিয়া হয়৷ গোটেই ঘৰৰ ভিতৰখন জুইৰ অঙঠাসদৃশ হৈ পৰে৷ এনে উৱাদিহ নোপোৱা অৱস্থাত ঘৰৰ ভিতৰখন ঠাণ্ডা কৰি ৰাখিবলৈ কেইটামান টিপছ লোৱা আৱশ্যক৷ বিশেষকৈ গৰমৰ দিনকেইটাত ঘৰৰ ভিতৰখন ঠাণ্ডা কৰি ৰাখিবলৈ এইসমূহ উপায় অৱলম্বন কৰিব পাৰে, যাতে স্বস্তিৰে ঘৰৰ ভিতৰত উৎকট গৰমৰ তাপৰ পৰা ৰেহাই পাব পাৰে৷
গৰমৰ দিনকেইটাত সূৰ্যৰ পোহৰ ঘৰৰ ভিতৰত পোনপটীয়াকৈ পৰিলে ঘৰৰ ভিতৰৰ তাপমান বাহিৰতকৈও বৃদ্ধি পায়৷ সেয়ে ঘৰৰ খিৰিকীত গাঢ় ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিব৷ গাঢ় ৰঙৰ ব্লেকআউট কাৰ্টেনে সূৰ্যালোক ৰোধ কৰি ঘৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷ দিনত পৰ্দা টানি ৰাখকস বিশেষকৈ দক্ষিণ আৰু পশ্চিমমুখী খিৰিকী বা জালানৰ ক্ষেত্ৰত৷
গৰমৰ দিনত দিনৰ ভাগৰ বাহিৰৰ তাপ যাতে ভিতৰ সোমাব নোৱাৰে, তাৰ বাবে দৰ্জা-খিৰিকী বন্ধ ৰাখক৷ নিশাৰ ফালে বাহিৰৰ বতাহ পৰিৱেশ ঠাণ্ডা হয়, তেতিয়া খিৰিকী খুলি ৰাখক, যাতে বাহিৰৰ প্ৰাকৃতিক বতাহ ঘৰৰ ভিতৰলৈ সোমাব পাৰে৷
ফেন চলোৱাৰ সময়ত ফেনৰ তলত বৰফ বা ঠাণ্ডা পানীভৰ্তি এটা পাত্ৰ ৰাখিব৷ যদি এডজাষ্ট ফেন থাকে চলাই দিব৷ ইয়াৰ ফলত ঘৰৰ ভিতৰৰ গৰম বতাহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰিব৷
আপোনাৰ যদি ঘৰৰ ছাদখন সূৰ্যৰ তাপত উত্তপ্ত হয়, তেনেহ’লে সেই তাপ ভিতৰলৈও সোমায়৷ সেয়ে ছাদত বগা ৰং বা ৰিফ্লেকটিভ কোটিং ব্যৱহাৰ কৰিলে তাপ শোষণ কমি যায়৷ এই পদ্ধতিয়ে ধৰৰ তাপমাত্ৰা ৫-৮ ডিগ্ৰী কমাই দিব পাৰে৷
এলোভেৰা, মানী প্লেণ্ট, স্পাইডাৰ প্লেণ্টৰ দৰে কিছুমান ঘৰৰ ভিতৰত ৰাখিব পৰা গছে ঘৰৰ ভিতৰত তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ এই গছবোৰে বিশুদ্ধ বায়ু তথা ঘৰৰ আৰ্দ্ৰতা বজাই ৰাখে৷
বিছনাৰ চাদৰ বা বিছনাত ব্যৱহাৰ কৰা কাপোৰ সূতা বা কপাহীৰ পাতল কাপোৰ ব্যৱহাৰ কৰিব৷ ছিন্থেটিক বা পলিয়েষ্টাৰ কাপোৰে তাপ ধৰি ৰাখে, যি গৰমত অস্বস্তিকৰ হ’ব পাৰে৷
ফ্ৰিজ, কম্পিউটাৰ, টিভি, ৰেফ্ৰিজেৰেটৰ আদিয়ে ঘৰৰ তাপমান বঢ়াই দিয়ে৷ প্ৰয়োজন অবিহনে এইধৰণৰ সঁজুলি বন্ধ কৰি ৰাখক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here