গৰমৰ দিনত ঘামচিৰ পৰা কিদৰে পৰিত্ৰাণ পাব?

0
232

প্ৰচণ্ড গৰমৰ আমি সকলোৱে উহ্‌-আহ্‌ কৰিয়েই দিনটো পাৰ কৰোঁ৷ এনে অসহ্যকৰ গৰমত যদি আপোনাৰ গাত ঘামচি ওলায়, তেন্তে আৰু ৰক্ষা নাই৷ উষ্ণ আৰু আদ্ৰৰ্ আৱ-হাৱাত ঘামচি ওলোৱাটো এটা স্বাভাৱিক ঘটনা৷ ইয়াৰ বাবে কোনো চিন্তাৰ কাৰণ নাই৷ অলপ ঘৰুৱা যতন ল’লেই এনে বিৰক্তিকৰ ঘামচিৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ সাধাৰণতে গৰমকালি শৰীৰ ঠাণ্ডা কৰি ৰাখিবলৈ ছালৰ নোমবোৰৰ গুৰিৰে ভিতৰত পৰা পানী– অৰ্থাৎ ঘাম বাহিৰ হয়৷ এই ঘামে অত্যধিক গৰমৰ পৰা শৰীৰক ঠাণ্ডা কৰি ৰাখে৷ তদুপৰি শৰীৰৰ দূষিত পদাৰ্থও ঘামৰ জৰিয়তে বাহিৰ হয়৷ কোনো কাৰণত এই ঘামত থকা লোনৰ কাৰণে নেমৰ গুৰিবোৰ বন্ধ হৈ যায় আৰু সেই অংশেৰে ঘাম বাহিৰ হ’ব নোৱৰা হয়৷ ইয়াৰ ফলত নোমৰ গুৰিৰ সেই অংশ ফুলি উঠে আৰু তাৰ ওপৰত বীজাণুৰ প্ৰভাৱ পৰে৷ ইয়াকে আমি ঘামচি বুলি কওঁ৷ ঘামচিৰ পৰা মুক্তি পাবলৈ কি কৰিব, জানো আহক–
দেখা যায় আমাৰ গৰমকালি শৰীৰৰ পৰা গাম ওলাবই৷ এই ঘামবোৰ কিছুক্ষণৰ মূৰে মূৰে গাৰ পৰা মচি দিব লাগে৷ লক্ষ্য ৰাখিব লাগে– ঘাম মচোঁতে নৰম কাপোৰহে ব্যৱহাৰ কৰিব৷
সম্ভৱ হ’লে দিনে দুবাৰমান গা ধুব লাগে৷ গা ধুওঁতে সদায় কম ক্ষাৰযুক্ত চাবোন ব্যৱহাৰ কৰে৷ দেহত ঘামচি হ’লে বেছি জোৰকৈ ঘঁহিব নালাগে৷
গা ধুওঁতে এণ্টিছেপটিক লেচন ব্যৱহাৰ কৰক৷ ইয়াৰ উপৰি গা ধোৱাৰ সময়ত পানীত নেমুৰ ৰস, নিমপাতৰ ৰস আদি মিহলাই সদায় গা ধুব৷ ইয়াৰ ফলত ছালখন মসৃণ, উজ্জ্বল হৈ থকাৰ লগতে জীৱাণুৰ পৰা ৰক্ষা কৰিব৷
বেছি গাঢ় বা ডাঠ কাপোৰ নিপিন্ধিব৷ গৰমৰ দিনকেইটাত কোমল, কপাহী কাপোৰ পিন্ধক৷
ঘামচি হ’লে নখেৰে খুজাই নিদিব৷ এলোভেৰাৰ ৰস, নিমপাতৰ ৰস আদিৰ মিশ্ৰণ কৰি গাত লগাওক৷
গৰমৰ দিনকেইটাত প্ৰচুৰ পৰিমাণে পানী খাওক৷
খাদ্য-তালিকাত সেউজীয়া শাক-পাচলি, ফল-মূল অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here