আমি সকলোৱে গৰমৰ দিনত গা শাঁত পৰিবলৈ ঠাণ্ডা বস্তু খাওঁ৷ সাধাৰণতে গৰমৰ দিনকেইটাত ঠাণ্ডা বস্তু খালে আমাৰ দেহ, মন জুৰ পৰি যায়৷ দেহটো সতেজ অনুভৱ কৰোঁ৷ কিন্তু আপুনি জানি আচৰিত হ’ব গৰমৰ দিনত ঠাণ্ডা খোৱাৰ পৰিৱৰ্তে একাপ গৰম চাহ বা যিকোনো গৰম পানীয় খালে দেহ-মন শাঁত পৰাৰ লগতে সতেজ অনুভৱ কৰে৷ গৱেষণা কৰি পোৱা গৈছে যে শৰীৰৰ উষ্ণতাতকৈ যদি অধিক উষ্ণতাৰ বস্তু বা পানীয় খোৱা হয়, তেতিয়া শৰীৰে অধিক মাত্ৰাত ঘাম উৎপন্ন কৰে৷ দেহৰ পৰা ওলোৱা এই ঘাম বাহিৰ হোৱাৰ ফলত শৰীৰটো শাঁত পেলায় আৰু আমি সতেজ অনুভৱ কৰোঁ৷ শৰীৰৰ পৰা ওলোৱা ঘামৰ পৰিমাণ বেছি হ’লে শৰীৰটোৱে বেছিকৈ সতেজ অনুভৱ কৰে৷ দেহত বেছিকৈ কাপোৰ পিন্ধাৰ ফলত শৰীৰৰ পৰা ঘাম কমকৈ ওলালে কিন্তু আমি গৰম বস্তু খোৱাটো অনুচিত৷