গৰমৰ দিনত গা ধোৱা পানীত এইবিধ বস্তু মিহলাওক

0
22

গৰমৰ দিনকেইটাত গা ধোৱাৰ সময়ত এইবিধ বস্তু পানীখিনিত মিহলাই গা ধুলে গোটেই দিন শৰীৰৰ ইয়াৰ সুগন্ধি থাকি যায়৷ সুগন্ধ সকলোৰে প্ৰিয়৷ গৰমত বিশেষকৈ শৰীৰৰ পৰা ঘাম ওলাই দুৰ্গন্ধৰ সৃষ্টি কৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সেয়ে গা ধোৱাৰ সময়ত ফিটকিৰি মিহলাই ল’লে দুৰ্গন্ধ নাইকিয়া হয়৷ এলুমিনিয়াম ছালফেট আৰু পটাচিয়াম ছালফেটেৰে তৈয়াৰী প্ৰাকৃতিক লৱণ ফিটকিৰি৷ ইয়াৰ ৰাসায়নিক নাম পটাছ এলাম৷ ইয়াৰ ৰং বগা৷ ফিটকিৰি বহুগুণেৰে গুণান্বিত৷ আনহাতে আয়ুৰ্বেদ শাস্ত্ৰত ফিটকিৰিৰ বহুল ব্যৱহাৰ হৈ আহিছে৷ মুখৰ দুৰ্গন্ধ নোহোৱা কৰা, পানী বীজাণুমুক্ত কৰা, কাষলতিৰ দুৰ্গন্ধ নাইকিয়া কৰা আদিত ফিটকিৰি বেছ কাৰ্যকৰী৷ ফিটকিৰিৰ ঘাম কমোৱাত আশ্চৰ্য ক্ষমতা আছে৷ গা ধোৱাৰ সময়ত যদি ফিটকিৰি কাষলতিৰ তলত ভালদৰে ঘঁহি ধুই দিয়ে, তেনেহ’লে ইয়াৰ বেয়া দুৰ্গন্ধ নাইকিয়া হোৱাৰ লগতে ইয়াত উৎপন্ন হোৱা বেক্টেৰিয়াও ধবংস হয়৷ ফিটকিৰিয়ে প্ৰাকৃতিক ডিঅ’ডোৰেণ্টৰ কাম কৰে৷ মুখৰ দুৰ্গন্ধৰ বাবে বহুতেই বিব্ৰতবোধ পৰিস্থিতিৰ সৃষ্টি হয়৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ফিটকিৰি মিহলি পানীয়ে মুখ কুলুকুলু কৰিলে সুফল পোৱা যায়৷ এক গ্লাছ গৰম পানীত এক গ্ৰাম ফিটকিৰি আৰু অলপ ৰক ছল্ট মিহলাই ভালদৰে গুলি লওক৷ খাদ্য খোৱাৰ পাছত খাদ্য দাঁতৰ ফাকত জমা হৈ বেক্টেৰিয়াৰ সৃষ্টি হয়৷ এই বেক্টেৰিয়াৰ কাৰণে দাঁতৰ মাদা ফুলি উঠা, দাঁতৰ ফাকেৰে তেজ ওলোৱা আদি সমস্যাৰ সৃষ্টি হয়৷ ফিটকিৰিয়ে এইধৰণৰ সমস্যা সমাধান কৰাত সহায় কৰে৷ এক গ্ৰাম ফিটকিৰি, অলপ ডালচেনি আৰু অলপ শিলা লৱণ লৈ এটা পেষ্ট প্ৰস্তুত কৰক৷ এই পেষ্টটোৰে দাঁতৰ মাদাত ভালদৰে মাচাজ কৰি পাছত কুলকুল কৰি ধুই দিব৷ আনহাতে মুখত ঘা হ’লে জ্বলা-পোৰাৰ ভাব কমাবলৈ বা নাকেৰে তেজ ওলালে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ফিটকিৰি ব্যৱহাৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here