গৰমৰ দিনত কিমানবাৰ গা ধোৱাৰ পৰামৰ্শ বিশেষজ্ঞৰ

0
142

গৰমৰ দিনকেইটাত অলপ অসতৰ্ক হ’লেই অসুখে পিছ নেৰে৷ এই দিনকেইটাত যেনে-তেনে প্ৰকাৰে শৰীৰক ঠাণ্ডা কৰি ৰখাৰ প্ৰয়োজন৷ ইয়াৰ বাবে আপুনি নিয়মিতভাৱে গা ধোৱাটো খুবেই জৰুৰী৷ ইয়াৰ মাজতে প্ৰশ্ন উঠিব পাৰে যে শৰীৰ ঠাণ্ডা কৰি ৰাখিবলৈ গৰমৰ দিনত কিমানবাৰ গা ধোৱাৰ আৱশ্যক৷ এই প্ৰশ্নৰ উত্তৰত বিশেষজ্ঞই জনাইছে যে এনে উৎকট গেলা গৰমৰ বা দহনৰ দিনত সকলোৱেই অন্ততঃ দুবাৰ গা ধোৱাটো অতি প্ৰয়োজনীয়৷ আনহাতে যিসকলে এই দিনকেইটাত বাহিৰ ওলাই মেলি কাম কৰিবলগীয়া হয়, তেওঁলোকে সময়-সুবিধা পালেই গা ধোৱা ভাল৷ অথবা সম্পূৰ্ণ গা নোধোলেও হাত-ভৰি, মুখ, গল আদিত পানীৰে পৰিষ্কাৰ কৰি ৰখাত খুব জৰুৰী৷ এনে কৰিলে শৰীৰে ঠাণ্ডা অনুভৱ কৰাৰা লগতে গাৰ পৰা ওলোৱা ঘাম বা গাত জমা হোৱা মলি, ধূলি, মাকতি আঁতৰি যাব৷ গৰমৰ দিনত এনে অভ্যাস কৰিলে হিট ষ্ট্ৰ’ক, হিট এক্সহউশ্যনৰ দৰে সমস্যাবোৰ সহজে নোহোৱা হ’ব৷ আনহাতে গৰমৰ দিনত জীৱাণুবোৰ অধিক সক্ৰিয় হৈ উঠে৷ আনকি এই তাপদাহনত আমাৰ ছালৰ ওপৰত থকা বেক্টেৰিয়াৰ সংখ্যা বহুগুণে বাঢ়ি যায় আৰু এইধৰণৰ জীৱাণুবোৰ কেনেবাকৈ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিছে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেয়ে এই সময়ত অন্ততঃ দুবাৰ গা ধুলে এইধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ গা ধোৱাৰ ফলত ছালত থকা বেক্টেৰিয়াবোৰ ধবংস হৈ যায়৷ ফলত কোনো সংক্ৰামক ৰোগৰ সৃষ্টি কৰিব নোৱাৰে৷ মনত ৰখা ভাল যে উৎকট গৰমত ক’ৰবাৰ পৰা আহিয়েই লগে লগে ঠাণ্ডা পানীৰে মূৰ তিয়াই গা ধোৱাৰ অভ্যাস কৰি লয়৷ এই ভুল কেতিয়াও নকৰিব৷ এনে কৰাৰ ফলত শৰীৰৰ তাপমাত্ৰাৰ ভাৰসাম্য হেৰাই যায়৷ ইয়াৰ ফলত বিভিন্ন ৰোগে সহজে শৰীৰক আক্ৰমণ কৰাৰ সুবিধা হয়৷ সেয়ে বাহিৰৰ পৰা আহি অলপ সময় জিৰণি লৈহে গা ধোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here