ঘামৰ সমস্যা মানুহৰ গোটেই বছৰে থাকে যদিও গৰমৰ দিনকেইটাত এই সমস্যা বেছিকৈ বাঢ়িবলৈ লয়৷ উৎকট গৰমত গোটেই দিনটো লৰি-ঢাপৰি ফুৰোঁতে ওলোৱা ঘামে পাছত এনে দুৰ্গন্ধৰ সৃষ্টি কৰে যে ওচৰত থকা লোকক অস্বস্তিত পেলায়৷ এই সমস্যা বাবে বহু সময়ত লাজত পৰিবলগীয়াও হয়৷ ঘামৰ পৰা ওলোৱা দুৰ্গন্ধই মানুহৰ এজনৰ ব্যক্তিত্বতো আঘাত দিয়ে৷ আনৰ ওচৰত লজ্জা নিবাৰণৰ বাবে ইয়াৰ বাবে বহুতেই গাত দিনটো বডী স্প্ৰে’ সানিয়েই কটায়৷ কিন্তু ইয়াৰ ফলত বিভিন্ন পাশ্বৰ্ক্ৰিয়া ঘটি পাছলৈ সমস্যাৰহে সৃষ্টি কৰিব পাৰে৷ সেয়ে শৰীৰৰ কোনোধৰণৰ ক্ষতি নোহোৱাকৈ ঘৰুৱা উপায়েৰে কিদৰে আমি ঘামৰ দুৰ্গন্ধৰ পৰা সকাহ পাব পাৰো জানো আহক৷
ঘামৰ পৰা ওলোৱা দুৰ্গন্ধৰ ক্ষেত্ৰত সৰ্বপ্ৰথমে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অতি আৱশ্যক৷ নিয়মিতভাৱে গাৰ লগতে বাহিৰ পৰা ঘৰলৈ আহোতে হাত-ভৰি ভালদৰে ধুলে বা গৰমৰ দিনত অন্তত দুবাৰ ভালদৰে চাবোন সানি গা ধুলে এই সমস্যাৰ পৰা বাচিব পাৰে৷ ইয়াৰ লগতে পিন্ধা কাপোৰ কানিও পৰিষ্কাৰ হোৱা দৰকাৰ৷ গা ধোৱাৰ সময়ত বেক্টেৰিয়া বিৰোধী চাবোন ব্যৱহাৰ কৰিব৷
ঘামত দুৰ্গন্ধ ওলালে খাদ্যৰ ক্ষেত্ৰতো কিছু বিধি নিষেধ মানি চলা ভাল৷ কেপেইন, অত্যধিক মছলাজাতীয় খাদ্য, এলকহল, ছেছুৰেটেড ফেট, চিগাৰেট, ধঁপাত আদি এৰাই চলিলে ইয়াৰ পৰা উপশম পাব পাৰি৷
ঘামৰ দুৰ্গন্ধৰ এবিধ ঘৰুৱা উপায় হ’ল নেমু টেঙা৷ এনে সমস্যা হ’লে নেমু এচকল লৈ গোটেই গাটো সানি বা ঘা ধোৱা পানীত অলপমান নেমু ৰস মিহলাই গা ধুলে সমস্যাৰ সমাধান হয়৷ কিয়নো নেমুৱে শৰীৰত উৎপন্ন বেক্টেৰিয়াক বিনাশ কৰি ঘামৰ দুৰ্গন্ধ নোহোৱা কৰে৷
তুলসীৰ ৰস আৰু নিমপাত ব্যৱহাৰ কৰিও এই সমস্যাৰ পৰা সকাহ পাব পাৰি৷ ইয়াৰ বাবে তুলসী আৰু নিমপাত একেলগে পিহি লৈ পেষ্ট প্ৰস্তুত কৰিব৷ এই পেষ্টটো গোটেই গাটোত ভালদৰে সানি পাছত ধুই দিব৷ দুয়োটাই বেক্টেৰিয়া নাশ কৰিব পৰা গুণ আছে বাবে উক্ত সমস্যা সমাধান কৰিব পাৰে৷
ছালৰ পি এইচৰ মাত্ৰাৰ লগত ঘামৰ দুৰ্গন্ধৰ ওতপ্ৰোত সম্পৰ্ক আছে৷ ঘামৰ দুৰ্গন্ধৰ বাবে মূল দায়ী হ’ল বেক্টেৰিয়া৷ ছালৰ পি এইচৰ মাত্ৰা কমি থাকিলে ছালৰ বেক্টেৰিয়াই সংক্ৰমণ কৰিব নোৱাৰে৷ সেয়ে ছালৰ পি এইচৰ মাত্ৰা কমোৱাৰ চেষ্টা কৰা উচিত৷ আপেল চিডাৰ ভিনেগাৰ, টি ট্ৰী অইল আদিয়ে ইয়াৰ পৰা পৰিত্ৰাণ দিয়াব পাৰে৷ আপেল চিডাৰ ভিনেগাৰ বা টি ট্ৰী অইল কপাহত লৈ গোটেই শৰীৰত সানি পাছত ধুই পেলাব৷ কেইদিনমান এনেদৰে কৰিলে ঘামৰ দুৰ্গন্ধ নোহোৱা হৈ যাব৷