গৰমত অতিৰিক্ত পাতিনেমু খালে হ’ব পাৰে এই পাৰ্শ্বক্ৰিয়া

0
98

নেমু খালে শৰীৰৰ হ’ব পৰা বহু উপকাৰ তথা শাৰীৰিক সমস্যা সমাধানৰ কথা আমি সকলোৱে জানো৷ নেমু এনে এবিধ ফল, যাৰ উপকাৰিতা বহুতো আছে৷ শৰীৰৰ ওজন নিয়ন্ত্ৰণ, ডিহাইড্ৰেশ্যন ৰোধ, বদহজমৰ নিৰাময়, ছালৰ সুুস্বাস্থ্য আদি একাধিক উপকাৰিতা আছে পাতিনেমুৰ৷ ইয়াৰ বিপৰীতে কিন্তু পাতিনেমুৰ বিভিন্ন পাশ্বৰ্ক্ৰিয়াও আছে৷ সাধাৰণতে গৰমৰ দিনত উৎকট গৰমৰ পৰা শৰীৰৰ সকাহ দিবলৈ নেমুৰ চৰবত বনাই খোৱা হয়৷ ইয়াৰ উপৰি দাইলত লগত নেমু খোৱাৰ মাদকতাই সুকীয়া৷ প্ৰখৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি অত্যধিক পৰিমাণে নেমু খাওঁ৷ গৰমত এটুকুৰা নেমু নিমখৰ সৈতে সানি খায়ো বহুতেই তৃপ্তি জুৰায়৷ এইদৰে অধিক পৰিমাণে পাতিনেমু খোৱাৰ ফলত হ’ব পাৰে পাশ্বৰ্ক্ৰিয়া৷ পাতিনেমুৰ এই পাশ্বৰ্ক্ৰিয়াৰ বিষয়ে সদৰী কৰিলে স্বাস্থ্য বিশেষজ্ঞ স্বাতী ৰেড্ডীয়ে৷ স্বাস্থ্য বিশেষজ্ঞগৰাকীয়ে জনোৱা মতে পাতিনেমু তীব্ৰ আম্লিক ফল৷ অতিৰিক্ত পৰিমাণে নেমু খালে দাঁতৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে নেমু খোৱাৰ পাছতে দাঁত নামাজিব৷ বৰঞ্চ প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিব পাৰে৷ এচিড ৰিফ্লাক্স, বুকু জ্বলা-পোৰা কৰা, বমি বমি ভাব আদিৰ দৰে উপসৰ্গই দেখা দিব পাৰে অত্যধিক পৰিমাণে পাতিনেমুৰ খোৱাৰ ফলত৷ আনহাতে এইধৰণৰ উপসৰ্গ আগতে থাকিলে পাতিনেমু খোৱাৰ পৰা বিৰত থকাই ভাল৷ নেমুৰ ৰসৰ পৰা মাউথ আলচাৰৰ তীব্ৰ জ্বালা বা যন্ত্ৰণা হয়৷ সেয়ে মাউথ আলচাৰ নিৰ্মূল নোহোৱাকৈ নেমুৰ খোৱা উচিত নহয়৷ নেমুৰ বাকলি লেমন জেষ্ট হিচাপে ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰা হয়৷ বিভিন্ন গৱেষণাত নেমুত মাইক্ৰ’অৰ্গানিজমৰ উপস্থিতি ধৰা পৰিছে৷ ইয়াৰ দ্বাৰা বিভিন্ন বেমাৰৰ সৃষ্টি হ’ব পাৰে৷ যিসকলৰ ছাল শুষ্ক৷ তেওঁলোকে অধিক পৰিমাণৰ নেমু খালে ছাল আৰু অধিক শুষ্ক হয়৷ কিন্তু তৈলাক্ত ছালৰ বাবে নেমু বেছ উপকাৰী৷ পেটৰ কিছু কিছু সমস্যা থাকিলে নেমু খোৱাৰ পৰা বিৰত থকাই উচিত৷ সেয়ে গৰমৰ দিনত স্বাস্থ্য উপকাৰী পাতিনেমু অতিৰিক্ত পৰিমাণ নাখায়, এটা নিৰ্দিষ্ট মাত্ৰাত খালে সুফল পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here