গ্ৰীনলেণ্ডৰ প্ৰাচীন মাটিয়ে দিছে সতৰ্কবাণী সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব ৫-২০ ফুটলৈ

0
1147

গ্ৰীনলেণ্ড এতিয়াৰ দৰে সদায় বৰফৰে আবৃত্ত হৈ থকা নাছিল৷ বিজ্ঞানীসকলৰ এটা দলে গৱেষণাৰ জৰিয়তে এই তথ্য লাভ কৰিছে৷ তেওঁলোকে লাভ কৰা তথ্য অনুসৰি আজিৰ পৰা চাৰি লাখ বছৰৰ আগতে গ্ৰীনলেণ্ড সম্পূৰ্ণৰূপে সেউজ আৰু বৰফমুক্ত অঞ্চল আছিল৷ সেই সময়ত তাত গছ-গছনি আৰু জীৱ-জন্তুও আছিল৷ গৱেষকসকলে গ্ৰীনলেণ্ডত গছ-গছনি তথা শেলাইৰ জীৱাশ্মও লাভ কৰিছে৷ সেই সময়ত সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৰ্তমানতকৈ ৫-২০ ফুট অধিক আছিল৷ বৰ্তমান কোটি কোটি লোকে বাস কৰা ভূমি সেই সময়ত পানীৰ তলত আছিল৷ বিজ্ঞানীসকলে এটা কথা জানিছিল যে গ্ৰীনলেণ্ডৰ বৰফ বিগত দহ লাখ বছৰৰ ভিতৰত কোনো এটা সময়ত নোহোৱা হৈ পৰিছিল৷ কিন্তু সেই কথা সম্পূৰ্ণৰূপে নিশ্চিত হ’ব পৰা নাছিল কেতিয়া তাৰ পৰা বৰফ নোহোৱা হৈছিল৷ গ্ৰীনলেণ্ডত ১৯৬৬ চনত উত্তৰ-পশ্চিম গ্ৰীনলেণ্ডৰ কেম্প চেঞ্চুৰীত আমেৰিকাৰ এটা গোপন সামৰিক ঘাটিত সেনাৰ অভিযন্তা বিজ্ঞানীসকলে এটা বৰফাবৃত্ত অঞ্চলত বিজ্ঞানীসকলে খনন আৰম্ভ কৰে৷ ছবছৰৰ পাছত ৪,৫৬০ ফুট খনন কৰি তাৰ পৰা মাটি উলিয়ায়৷ তেওঁলোকে তাৰ পৰা খনন কৰি উলিওৱা মাটি ফ্ৰিজাৰত ৰাখি থৈছিল৷ পাছত ২০১৭ চনত তাৰ পৰা পুনৰ মাটি উলিয়াই গৱেষণা কৰিবলৈ লয়৷ এই নমুনাৰ পৰাই এটা সময়ত গ্ৰীনলেণ্ড সেউজ আছিল বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি এটা সময়ত তাত হাতীৰ দৰে বিশাল আকাৰৰ স্তন্যপায়ী জীৱও আছিল৷ বিজ্ঞানীসকলৰ মতে গ্ৰীনলেণ্ডত প্ৰায় ২৫ লাখ বছৰৰ আগতে বৰফ জমা হ’বলৈ ধৰিছিল৷ কিন্তু বিগত ১১ লাখ বছৰৰ ভিতৰত কোনো এটা সময়ত বৰফ গলি নোহোৱা হৈ পৰিছিল৷ বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা মতে ৪,১৬,০০০ বছৰৰ আগতে গ্ৰীনলেণ্ড বৰফমুক্ত হৈ পৰে৷ এই পৰিস্থিতি ১৪ হাজাৰ বছৰলৈকে আছিল৷ বিজ্ঞানীসকলৰ মতে ৪,২৪,০০০ বছৰৰ পৰা ৩,৭৪,০০০ বছৰৰ মাজৰ সময়ছোৱাত পৃথিৱী প্ৰাকৃতিকভাৱে উষ্ণ হৈ পৰিছিল৷ এই সময়ছোৱাক এম আই এছ ১১ ইণ্টাৰগ্লেচিয়েল বুলি কোৱা হয়৷ সেই সময়ত গ্ৰীনলেণ্ডৰ বৰফ গলি জমা হোৱা পানীৰ ফলত সমুদ্ৰ পৃষ্ঠৰ উচ্চতা ৫-২০ ফুট পৰ্যন্ত বৃদ্ধি পাইছিল৷ প্ৰায় ৩০ হাজাৰ বছৰ পৰ্যন্ত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা প্ৰতি দহ লাখ ভাগ ২৬৫-২৮০ ভাগ আছিল আৰু ইয়াৰ ফলত বৃদ্ধি পোৱা উষ্ণতা গ্ৰীনলেণ্ডৰ বৰফ গলাৰ বাবে পৰ্যাপ্ত আছিল৷ বিজ্ঞানীসকলৰ মতে, তেনেধৰণৰ পৰিস্থিতিৰ পুনৰ সৃষ্টি হ’ব পাৰে৷ বৰ্তমান কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা সেই সময়ৰ তুলনাত প্ৰায় ১.৫ গুণ অধিক হৈছে৷ বিশ্বত এতিয়া প্ৰায় একে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ জুন মাহটো আছিল বিশ্বৰ ইতিহাসত আটাইতকৈ গৰম মাহ৷ এনে অৱস্থাত বৰফৰ তৰপ গলিবলৈ ধৰে৷ পৃথিৱীৰ যিমানে বৰফ গলিব সিমানে উষ্ণতা বৃদ্ধি পাব কিয়নো বৰফে সূৰ্যৰ তাপ প্ৰতিফলিত কৰে, কিন্তু বৰফ গলি ওলোৱা মাটিয়ে তাপ ধৰি ৰাখে৷ এতিয়াই জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বন্ধ কৰিলে বায়ু মণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা অহা ১-১০ হাজাৰ বছৰলৈ উচ্চ হৈ থাকিব৷ কিন্তু গ্ৰীনলেণ্ড তথা মেৰু অঞ্চলৰ বৰফ গলাটো বন্ধ কৰাৰ প্ৰচেষ্টা নচলালে বিশ্বই এম আই এছ-১১ৰ সময়ছোৱাতকৈ অধিক ভয়াৱহ ৰূপ ল’ব৷ ফলত সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব আৰু তাৰ লগে লগে মুম্বাই, ভেনিচৰ দৰে মহানগৰ সাগৰৰ পানীৰ তলত সোমাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here