আমি সকলোৱে জানো যে পৃথিৱীৰ গোলাকাৰ৷ কিন্তু এই গোলাকাৰ পৃথিৱীৰো এটা শেষ সীমা আছে৷ পৃথিৱীৰ সেই শেষ ঠাইখনৰ নাম কি? ক’ত এই ঠাই অৱস্থিত৷ ইয়াক লৈ সমগ্ৰ বিশ্বজুৰি বহু পৰীক্ষা-নিৰীক্ষা চলাইছিল ভূ-বিজ্ঞানীয়ে৷ অৱশেষত পৃথিৱীৰ শেষ সীমাৰ অৱস্থিতি সন্ধান পালে বিজ্ঞানীয়ে৷ তেন্তে পলম নকৰি পৃথিৱীৰ শেষ সীমা জানো আহক৷
যিহেতু পৃথিৱী গোলাকাৰ, সেয়ে প্ৰকৃত অৰ্থত ইয়াৰ শেষ বুলি কোৱাটোত কোনো অৰ্থ নাথাকিব৷ কিন্তু ভূ-বিজ্ঞানীৰ গৱেষণাৰ অন্তত পাইছে পৃথিৱীৰ শেষ সীমাৰ অৱস্থান৷ ইয়াক লৈও অৱশ্যে নানা মুনিৰ নানা মত৷ এদল বিজ্ঞানীয়ে ইংলেণ্ডৰ ৱেষ্ট ছাছেক্স বা ৰাছিয়াৰ চাইবেৰীয় অঞ্চলৰ ইয়ামান পেনিনছুলা বা চিলিৰ কেপহৰ্নকে পৃথিৱীৰ শেষ বুলি দাবী কৰিছে৷ কিন্তু এই ঠাইবোৰক পৃথিৱীৰ শেষ অংশৰ পৰিৱৰ্তে পৃথিৱীৰ সীমনা বুলিহে দাবী কৰিছে আন একাংশ ভূ-বিজ্ঞানীয়ে৷ দক্ষিণ আমেৰিকাৰ একেবাৰে দক্ষিণ প্ৰান্তত অৱস্থিত আৰ্জেণ্টিনাৰ উছুইয়াই চহৰকেই পৃথিৱীৰ শেষ চহৰ বুলি কোৱা হয়৷ উছুইয়াই চহৰৰ চাৰিওফালে দুৰ্গম পাহাৰ, উত্তাল সমুদ্ৰ৷ ১৮৭০ চনৰ পৰা আৰ্জেণ্টিনা চৰকাৰে সেই অঞ্চলত সেই দেশৰ ৰাজনৈতিক বন্দীসকলক নিৰ্বাসন দিয়া আৰম্ভ কৰিছিল৷ অৱশ্যে নানা বিতৰ্কৰ পাছত সেই প্ৰথা বন্ধ কৰা হৈছিল৷ এণ্ডিজ পাহাৰৰ মাজৰ এই অঞ্চলটোৰ নাম টিয়েৰা দেল ফুয়েগো বা জুইৰ চহৰ৷ ইয়াৰ উত্তৰে মেজেনাল প্ৰণালী আৰু দক্ষিণে বীগল চেনেলে দুই মহাসাগৰক যুক্ত কৰিছে৷ বিখ্যাত পৰ্তুগীজ আৱিষ্কাৰক মেজেনালে এই টিয়েৰা দেল ফুয়েগো নাম দিছিল৷ এই অঞ্চলত কেৱল ইউৰোপীয়ৰ বাসস্থান৷ উছুইয়াই চহৰখন একেবাৰে সৰু৷ বৰ্তমান ইয়াৰ জনসংখ্যা ৫৭ হাজাৰ৷ ইয়াৰ আয়তন ২৩ বৰ্গকিলোমিটাৰ৷ গ্ৰীষ্মতো ইয়াৰ তাপমাত্ৰা ১২ ডিগ্ৰী ছেলচিয়াছ আৰু কেতিয়াবাহে হঠাতে ২০ ডিগ্ৰী হয়৷ দক্ষিণ মেৰুলৈ যোৱা সকলো জাহাজ ইয়াৰ মাজেৰে চলে৷ উছুইয়াইৰ দুয়োপাৰে পাহাৰৰ শাৰী৷ ইউৰোপীয় লোকসকলে অহাৰ আগতে ইয়াগালেছ উপজাতিৰ লোকে ইয়াত বাস কৰিছিল৷ উছুইয়াইত সৰ্বপ্ৰথমে গঢ়ি উঠা বিল্ডিং ছেলোচিয়ান চাৰ্চটো ইয়াতে আছে৷