গোটেই দিনটো কাৰ্যক্ষম হৈ থাকিবলৈ এই যোগাসন কৰক

0
23

পুৱাৰ ভাগত যোগব্যায়াম কৰাৰ অভ্যাস ভাল বুলি সকলোৱে জানে৷ যোগাসনৰ কিছুমান আসন আছে, যিকেইটা পুৱাই কৰিলে গোটেই দিনটো শৰীৰত শক্তিৰ অভাৱ নহয়৷ এই যোগাসনৰ জৰিয়তে দিনটো ইতিবাচক, অধিক উদ্যমী তথা ভাৰসাম্যপূৰ্ণ পূৰ্ণ হৈ থাকে৷ এইধৰণৰ যোগাসনে মনটো প্ৰফুল্লিত কৰি ৰখাৰ লগতে মন স্বাস্থ্য ভালে ৰাখে৷ যাৰ ফলত কৰ্মক্ষমতা বৃদ্ধি পায়৷ পুৱাই কৰা যোগাসনৰ ফলত মানসিক তথা শাৰীৰিক উপকাৰিতা যথেষ্ট পোৱা যায়৷ বিভিন্ন সময়ত অলসতা বা সময়ৰ অভাৱত আমি যোগাসন কৰাৰ পৰা বিৰত থাকোঁ৷ সেয়ে একেবাৰে সহজ বা কম সময়তে কিন্তু যথেষ্ট কাৰ্যকৰী এই যোগাসনবোৰৰ জৰিয়তে সুফল পাব পাৰি আৰু তেনেধৰণৰ আসনৰ বিষয়ে কোৱা হৈছে৷
ব্ৰিজ পোজ ঃ- এই আসন কৰিবলৈ প্ৰথমে আপুনি এখন মেটত ওপৰমুৱালৈ শুই লওক৷ তাৰ পাছত ভৰি দুখনৰ মাজৰ কিছু দূৰত্ব বজাই ৰাখি আঁঠুলৈ কোঁচাই আনক৷ ইয়াৰ পাছত কান্ধৰ পৰা মূৰৰ অংশ মাটিত ভেঁজা দি শৰীৰৰ মাজৰ অংশও ওপৰলৈ তুলি ধৰক৷ এনে সময়ত হাত দুখন একেবাৰে পোন কৰি পিঠিৰ পিছফালেৰে ভৰিৰ গোৰাহাত লগাই দিয়ক৷ মূৰ আৰু ভৰিৰ পতাই ওই সময়ত শৰীৰৰ ভাৰ নিয়ন্ত্ৰণ কৰিব৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷
কিদৰে কৰিব তদাসন ঃ- এই আসন কৰিবলৈ বেছি জটিলতা নাই৷ এই আসন কৰিবলৈ প্ৰথমে মানুহজন মাটিত সম্পূৰ্ণ থিয় হৈ লওক৷ এতিয়া হাত দুখন প্ৰণাম কৰাৰ দৰে জোৰা লগাই যিমান পাৰে মূৰৰ পিছফালে কৰি ওপৰলৈ দাঙি ধৰক৷ ইয়াৰ পাছত লাহে লাহে উশাহ লওক৷ ভৰি দুখনৰ আঙুলিত ভৰ দি মানুহজন ওপৰলৈ উঠি যোৱাৰ দৰে কৰিব৷ মনত ৰাখিব যাতে আপোনাৰ শৰীৰৰ সমস্ত ভৰ ভৰিৰ আঙুলিয়ে লৈ থাকে৷ এইদৰে কিছু সময় থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷
কিদৰে কৰিব ভুজংগাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে আপুনি চিট হৈ শুই লওক৷ তাৰ পাছত কঁকালৰ পৰা ওপৰৰ অংশটো লাহে লাহে মাটিৰ ওপৰলৈ উঠাবলৈ চেষ্টা কৰক৷ এনে অৱস্থাত ভৰি দুখন পিছফাললৈ সম্পূৰ্ণকৈ মেলি দিব৷ হাত দুখনৰ তলুৱাৰে মাটিত গুঁজি থাকি মূৰটো ওপৰমুৱাকৈ দি মানুহজনৰ কঁকালৰ পৰা ওপৰৰ অংশটো যিমান পাৰে ওপৰলৈ তুলি দিয়ক৷ এনে সময়ত শৰীৰৰ ভৰ হাত দুখনে বহন কৰিব৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনি-চাৰিবাৰমান কৰাৰ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here