গেৰোহাৰ বিষৰ পৰা কিদৰে উপশম পাব?

0
1553

কিশোৰৰ পৰা আৰম্ভ কৰি বয়স্ক লোকলৈ আজিকালি প্ৰায়ভাগ মানুহৰে গেৰোহাৰ বিষে আমনি কৰা দেখা যায়৷ কিন্তু কিয় হয় গেৰোহাৰ বিষ? যিহেতু ভৰি দুখনে আমাৰ শৰীৰৰ গোটেই ভাৰসাম্য বজাই ৰাখে, সেয়েহে ওজন বৃদ্ধি, বহুসময় ধৰি থিয় হৈ থকাৰ বাবে গেৰোহাৰ বিষ হ’ব পাৰে৷ ইয়াৰ উপৰি শৰীৰত কেলচিয়ামৰ অভাৱ আৰু মহিলাসকলৰ ওখ হিল পিন্ধাৰ বাবেও গেৰোহাৰ বিষ হ’ব পাৰে৷ এই বিষ অতি যন্ত্ৰণাদায়ক৷ বহু দেৰিলৈ থিয় হৈ থাকিলে ভৰিৰ বিষ, ভৰিৰ তলুৱাৰ জিনজিননি, গেৰোহা ফুলি উঠা আদিৰ দৰে অনুভৱ হয়৷

গেৰোহাৰ বিষৰ পৰা সকাহ পাবলৈ আপুনি কিছুমান ঘৰুৱা বিধান পালন কৰিব পাৰে–

(১) আদা আমাৰ স্বাস্থ্যৰ কাৰণে লাভদায়ক৷ আদা পানীত উতলাই কাঢ়া কৰি খালে গেৰোহাৰ বিষ ভাল হয়৷


(২) লঙক বিষনাশক বুলি কোৱা হয়৷ লঙৰ তেলেৰে গেৰোহা মালিচ কৰিলেও ইয়াৰ বিষ কম৷


(৩) এণ্টিইনফ্লেমেটৰি গুণেৰে সমৃদ্ধ হালধিক গাখীৰৰ লগত মিশ্ৰণ কৰি খালে শৰীৰ তথা গেৰোহাৰ বিষ কমে৷


(৪) এটা বৰফভৰ্তি পাত্ৰ লৈ গেৰোহাৰ তলত সেক দিলেও আৰাম পোৱা যায়৷


(৫) সৰিয়হৰ গুটি পিচি এবাল্টি গৰম পানীৰ লগত মিশ্ৰণ কৰি তাত ভৰি দুখন ২০ মিনিটমান জুবুৰিয়াই ৰাখিলে গোৰোহাৰ বিষৰ উপশম ঘটে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here