গৃহিণীসকলে পাকঘৰত কাম কৰোঁতে প্ৰায়ে কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ যেনে– কিছুমান সামগ্ৰী কটা-বচা কৰাৰ পাছত তাৰ গোন্ধ লাগি ধৰা নাইবা খাদ্য সামগ্ৰী বেয়া হৈ যোৱা, বাচন-বৰ্তনত দাগ ৰৈ যোৱা ইত্যাদি৷ সেয়েহে আজি আমি এনেকুৱা স্মাৰ্টছ টিপ্ছৰ বিষয়ে আলোচনা কৰিম, যাৰ দ্বাৰা গৃহিণীসকলে পাকঘৰত কাম কৰোঁতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়৷
[১] গৰমৰ দিনত সাধাৰণতে কণী বেয়া হয়৷ কণীৰ ওপৰৰ অংশত যদি সৰিয়হৰ তেল সানি ৰখা হয়, তেন্তে গৰমৰ দিনটো কণী বহুদিনলৈ ভালে থাকে৷
[২] চাউল থোৱা পাত্ৰটোত কেঁচা বা শুকান মহানিমৰ পাত ভৰাই ৰাখিলে চাউলত পোকে ধৰিব নোৱাৰে৷
[৩] জলকীয়া কটাৰ পাছত হাতত পোৰণি হয়৷ এই পোৰণিৰ পৰা ৰক্ষা পাবলৈ জলকীয়া কটাৰ পাছত দুই মিনিটমান চাউলৰ মাজত ভৰাই ৰাখি হাত মোহাৰিব লাগে৷
[৪] বাচন-বৰ্তনৰ পৰা মাছৰ গোন্ধ নাইকিয়া কৰিবলৈ হ’লে সেই বাচন-বৰ্তনবোৰ নিমখ আৰু নেমুৰস মিহলোৱা পানীৰে ধুব লাগে৷
[৫] ফল-মূল কটাৰ পাছত সেই কটাৰীখন যদি মামৰে ধৰে, তেন্তে আলু এটা কাটি মামৰে ধৰা কটাৰীখনত ভালকৈ ঘঁহি দিলে মামৰ আঁতৰে৷
[৬] কাঁহ-পিতলৰ বাচনত দাগ লাগিলে তাত চাউল ধোৱা পানীত এঘণ্টামান তিয়াই ৰাখিলে দাগ সহজে নাইকিয়া হয়৷
[৭] বিস্কুট সেমেকি নাযাবলৈ বিস্কুট থোৱা টেমাত এচামুচ চেনি ভৰাই থ’ব লাগে৷
[৮] মাছৰ পৰা বেয়া গোন্ধ নোলাবৰ বাবে মাছ ভাজিবলৈ লোৱাৰ আগতে মাছত নেমুৰস সানিব লাগে৷
[৯] হাতৰ তলুৱাত অকণমান সৰিয়হৰ তেল সানি লৈ কলডিল বা কাচকল কাটিলে হাতৰ তলুৱাত ক’লা দাগ নালাগে৷
[১০] মৌ বহুদিনলৈ ভালে ৰাখিবলৈ মৌ থোৱা পাত্ৰত শুকান জলকীয়া ভৰাই থ’ব লাগে৷