গুৱাহাটীৰ এইমছৰ মুকলি হ’লহালধীয়া জ্বৰৰ প্ৰতিষেধক কেন্দ্ৰ

0
516


ৰাজ্যবাসীৰ বাবে সুখবৰ যে এতিয়াৰে পৰা গুৱাহাটীত উপলব্ধ হ’ব হালধীয়া জ্বৰৰ টিকাকৰণ কাৰ্যসূচী৷ বিশেষকৈ যিসকল লোকে সঘনাই বিদেশ ভ্ৰমণ কৰে, তেওঁলোকৰ বাবে নিশ্চিত ৰূপত এক আশাৰ বতৰা আৰু এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীয়ে সেইসকল লোকৰ যথেষ্ট উপকৃত কৰিব৷ যোৱা ১২ ছেপ্টেম্বৰত গুৱাহাটীৰ এইমছত মুকলি কৰা হয় হালধীয়া জ্বৰৰ প্ৰতিষেধক কেন্দ্ৰটো৷ উক্ত মুকলি অনুষ্ঠানত এইমছৰ কৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰানিকে ধৰি প্ৰতিষেধক কেন্দ্ৰটোৰ লগত জড়িত চিকিৎসক, বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ উল্লেখ্য যে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ অনুমোদিত এই প্ৰতিষেধক কেন্দ্ৰটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম আৰু একমাত্ৰ কেন্দ্ৰ৷ প্ৰতিষেধক কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত এইমছৰ কাৰ্যবাহী সঞ্চালকজনে কয় যে এই কেন্দ্ৰটো মুকলিৰ জৰিয়তে বহুদিনীয়া সমস্যা এটা পূৰ্ণ হ’ল৷ অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ল৷ আনহাতে উক্ত কেন্দ্ৰটো মুকলিৰ দিনাখনেই ২৪ জন ব্যক্তিৰ টিকাকৰণ কৰা হয় আৰু বিদেশ ভ্ৰমণৰ বাবে টিকাকৰণৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়৷ উল্লেখ্য যে আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ভ্ৰমণ কৰা লোকসকলৰ বাবে হালধীয়া জ্বৰৰ টিকাকৰণ কৰাটো বাধ্যতামূলক৷ কিয়নো এইবোৰ দেশতহে হালধীয়া জ্বৰৰ প্ৰাদুৰ্ভাব বেছি৷ জানিব পৰা মতে সমগ্ৰ বিশ্বজুৰি এই হালধীয়া জ্বৰত প্ৰায় দুই লাখ লোক আক্ৰান্ত হয় আৰু বছৰি প্ৰায় ত্ৰিছ হাজাৰ লোকে এই ৰোগত প্ৰাণ হেৰুৱাবলগীয়া হয়৷ সেয়ে এই ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ভাৰত চৰকাৰে প্ৰতিৰোধৰ বাবে টিকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এইমছ কৰ্তৃপক্ষই সদৰী কৰা মতে এতিয়াৰে পৰা প্ৰত্যেক মাহৰ দ্বিতীয় আৰু চতুৰ্থটো মঙলবাৰে চিকিৎসালয়খনত হালধীয়া জ্বৰৰ প্ৰতিষেধক উপলব্ধ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here