গুৱাহাটীক সেউজ মহানগৰহিচাপে গঢ়াৰ পৰিকল্পনা চৰকাৰৰ

0
425


গুৱাহাটী দেশৰ ভিতৰতে এখন আগশাৰীৰ প্ৰদূষিত মহানগৰত পৰিণত হৈছে৷ মহানগৰত অধিক বৃদ্ধি পাইছে উষ্ণতা৷ আনহাতে পৰিকল্পনাবিহীনভাৱে নিৰ্মাণ কৰা অট্টালিকাৰ সংখ্যাও বৃদ্ধি পাইছে৷ অধিক বৃদ্ধি পোৱা যান-বাহনৰ ধোঁৱাই সৃষ্টি কৰা কাৰ্বন-মন’ক্সাইড গেছেও স্থানীয় বতৰত প্ৰভাৱ পেলাইছে৷ মহানগৰখনৰ প্ৰতিটো পাহাৰত বন ধবংস কাৰ্য অব্যাহত থকাৰ লগতে বৃদ্ধি পাইছে জনবসতি৷ পাহাৰত থকা গছ-গছনিসমূহ কাটি তহিলং কৰাৰ ফলত টকলা হৈ পৰিছে মহানগৰৰ প্ৰতিটো পাহাৰৰ সেউজ আৱৰণ৷ ফলত মহানগৰৰ পৰিৱেশৰ তাৰতম্য ঘটাৰ লগতে উষ্ণতা অধিক বৃদ্ধি হৈ গৈ আছে৷ এনেদৰে উষ্ণতা বৃদ্ধি হৈ গৈ থাকিলে যে অদূৰ ভৱিষ্যতে মহানগৰৰ পৰিৱেশ অধিক ভয়াৱহ হৈ পৰাৰ অশনি সংকেত নামি অহাৰ সময়ত মহানগৰবাসীক পৰিৱেশ প্ৰদূষণৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ৷ গুৱাহাটী মহানগৰ উন্নয়ন বিভাগে এই প্ৰকল্পৰ কাম-কাজ আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নতুন প্ৰকল্পৰ কথা প্ৰকাশ কৰে৷ অসম চৰকাৰে গুৱাহাটীৰ বৰবাৰীৰ ৪ বৰ্গ কিল’মিটাৰ এলেকাত ‘ঘন জংঘল’ নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ সেই পৰিকল্পনা অনুসৰি বৰবাৰীৰ ৪ বৰ্গ কিল’মিটাৰ এলেকাত একেলগে ১৪শ গছপুলি ৰোপণ কৰা হ’ব৷ ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ অধীনত পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে এই নতুন প্ৰকল্পৰ ডি পি আৰ প্ৰস্তুত কৰা হৈছে৷ গতিকে পৰিৱেশ সংৰক্ষণ আৰু প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে বহু পলমকৈ হ’লেও লোৱা এনে পদক্ষেপে মহানগৰৰ প্ৰকৃতিৰ পৰা বিষবাষ্প আঁতৰ কৰি পৰিৱেশ সুস্থিৰ কৰাত বিশেষ অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰা হৈছে৷ ‘সেউজ গুৱাহাটী’ নামৰ এই আঁচনিখনৰ জৰিয়তে বন বিভাগে সমগ্ৰ মহানগৰতে বিশেষকৈ ধবংসপ্ৰাপ্ত পাহাৰ অঞ্চলসমূহত বনানীকৰণৰ কাম আৰম্ভ কৰিছিল৷ বন বিভাগৰ তথ্য অনুসৰি, ২০০৩ বৰ্ষত ৬ লাখ, ২০০৪ বৰ্ষত ৭ লাখ, ২০০৫ বৰ্ষত ১৫ লাখ, ২০০৬ বৰ্ষত ১৫ লাখ, ২০০৭ বৰ্ষত ১৫ লাখ, ২০০৮ বৰ্ষত ১৫ লাখ, ২০০৯ বৰ্ষত ১৫ লাখ আৰু ২০১০ বৰ্ষত ১২ লাখ গছপুলি মহানগৰত ৰোপণ কৰিছিল৷ এই কাৰ্যসূচীত মহানগৰৰ পাহাৰৰ মুঠ ৫৩.৭২ শতাংশ অঞ্চল সামৰি লোৱা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here