গাধৰ গাখীৰে দেশত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে৷ ইয়াৰ কাৰণ হ’ল কেইদিনমান আগতে সাংসদ মেনকা গান্ধীয়ে কৈছিল যে গাধৰ গাখীৰ প্ৰসাধন সামগ্ৰীৰ বাবে আটাইতকৈ উপযুক্ত৷ ইয়াৰ পাছত ভাৰতীয় কৃষি গৱেষণা পৰিষদ চমুকৈ আই চি এ আৰেও গাধৰ গাখীৰ যথেষ্ট উপকাৰী বুলি মত প্ৰকাশ কৰে৷ ইয়াৰ পাছতেই আই চি এ আৰৰ অধীনৰ ৰাষ্ট্ৰীয় অশ্ব গৱেষণা কেন্দ্ৰই গাধৰ গাখীৰৰ অনুমতি বিচাৰি চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰে৷ এন আৰ চি ই-এ চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱটোত গাধৰ গাখীৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত বুলি কোৱা হৈছে৷ প্ৰস্তাৱটোত লগতে এইবুলিও কোৱা হৈছে যে গাধৰ গাখীৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে অতি উপযোগী৷ এতিয়া চৰকাৰৰ অনুমতি পালেই গাধৰ গাখীৰ খোৱাৰ বাবে বজাৰলৈ মুকলি কৰি দিয়া হ’ব৷ আনহাতে গাধৰ গাখীৰ মাতৃদুগ্ধৰ উত্তম বিকল্প বুলি কোৱা হৈছে৷ ইয়াৰ লগতে গৰুৰ গাখীৰতকৈ অধিক উত্তম বুলিও কোৱা হৈছে৷ গৰুৰ গাখীৰৰ তুলনাত গাধৰ গাখীৰত ৯ গুণ অধিক তাৰিন থাকে৷ ই শিশুৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইউৰোপ, আফ্ৰিকাৰ কেইবাখনো দেশত গাধৰ গাখীৰ খাবলৈ অনুমতি প্ৰদান কৰা হৈছে৷ জনা মতে ইউৰোপত গৰুৰ গাখীৰতকৈ গাধৰ গাখীৰৰ দাম অধিক৷ এই গাখীৰ গাঁঠিৰ বিষ, কাহ, অস্ত্ৰোপচাৰ, ঘা শুকোৱা তথা আলচাৰ আদি উপশমৰ বাবে ব্যৱহাৰ কৰা হয়৷ ফ্ৰান্স আৰু ইটালিত গাধৰ গাখীৰেৰে চাবোন প্ৰস্তুত কৰা হয়৷ জানিব পৰা মতে গাধৰ গাখীৰে হৃদপিণ্ড আৰু হাড় শক্তিশালী কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷