কিছুসংখ্যক লোক আছে, যাৰ গাড়ীত উঠিলেই গা বেয়া লগা, বমি ভাব আদিয়ে দেখা দিয়ে৷ এনেধৰণৰ সমস্যাক ম’শ্বন চিকনেছ (Motion sickness) বুলি কোৱা হয়৷ ই কোনো ধৰণৰ ৰোগ নহয়, বৰং এনে এক পৰিস্থিতি য’ত আমাৰ মগজুৱে চকু, ভিতৰ কাণ তথা ছালৰ পৰা বেলেগ বেলেগ ধৰণৰ সংকেত পায়৷ এনে ক্ষেত্ৰত আমাৰ প্ৰধান স্নায়ুসমূহে বিবুধিত পৰি যায় আৰু গা বেয়া লগা, বমি আদিয়ে দেখা দিয়ে৷ কিছুমান এনেকুৱা লোকো আছে, যিয়ে বমি হোৱাৰ ভয়ত গাড়ীত উঠি দূৰলৈ যোৱাৰ কথা কল্পনাও কৰিব নোৱাৰে৷ এনে সমস্যাত আপুনি যদি গাড়ীত উঠাৰ আগতে এইসমূহ টিপছ পালন কৰে, তেন্তে নিশ্চয় কিছু পৰিমাণে হ’লেও সকাহ পাব৷
(১) চলি থকা গাড়ীত মোবাইল, লেপটপ বা কিতাপ পঢ়া আদি কাম নকৰিব৷ এনে কৰিলে আমাৰ কাণ দুখনে বাহিৰৰ শব্দৰ সংকেত মগজুলৈ পঠিয়ায় আৰু চকুৱে কিতাপ পঢ়াৰ সংকেত মগজুলৈ পঠিয়ায়৷ যাৰ ফলত দুয়োটা সংকেত বেলেগ বেলেগ হোৱাৰ বাবে স্নায়ুসমূহ বিবুধিত পৰি ম’শ্বন চিকনেছৰ সমস্যাই দেখা দিয়ে৷
(২) উগ্ৰ গোন্ধৰ পাৰফিউম বা ছেণ্ট লগাই যাত্ৰা নকৰিব৷ ইয়াৰ পৰিৱৰ্তে আপুনি নেমুৰ পাত দুখিলামান লগত ৰখাৰ অভ্যাস কৰক আৰু সময়ে সময়ে শুঙি থাকক৷
(৩) গাড়ীত উঠাৰ আগতে পেটভৰ্তিকৈ একো নাখাব৷ অৱশ্যে একো নোখোৱাকৈ যোৱাটোও উচিত নহয়৷ এনে কৰিলে আপোনাৰ গেছ হৈ হিতে বিপৰীত হ’ব পাৰে৷
(৪) ম’শ্বন চিকনেছৰ সমস্যা থকা লোকসকলে পৰাপক্ষত গাড়ী চলি থকাৰ সময়ত এচিৰ পৰিৱৰ্তে বাহিৰৰ সতেজ বায়ু গাত লাগিবলৈ দিয়া উচিত৷
(৫) আদা এইক্ষেত্ৰত বিশেষভাৱে কাৰ্যকৰী৷ দুচকলমান আদা মুখত লৈ যাত্ৰা কৰিলে যথেষ্ট সকাহ পাব পাৰি৷
(৬) একেদৰে গাড়ী চলি থকাৰ সময়ত আপুনি দূৰৰ বস্তু চাবলৈ চেষ্টা কৰক নাইবা চকু বন্ধ কৰি থকা উচিত৷