কেঞ্চাৰৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন পথৰ সন্ধান পোৱা গৈছে৷ গাঞ্জা পাতৰ পৰা প্ৰস্তুত কৰা ঔষধে কেঞ্চাৰৰ কোষ নষ্ট কৰিব পাৰে বুলি দাবী কৰিছে গৱেষকে৷ এই কথাটো শুনি সকলোৱে আ(ৰ্য প্ৰকাশ কৰিছে৷ মেডিকেল কেনাবিছৰ পৰা কেঞ্চাৰৰ ঔষধ প্ৰস্তুত কৰিছে গৱেষকে৷ প্ৰায় হাজাৰ দশক ৰোগীৰ ওপৰত পৰীক্ষা কৰি সুফল পোৱা গৈছে বুলি দাবী কৰা হৈছে৷ ফ্ৰণ্টিয়াৰ্ছ ইন অংকোলজি জাৰ্নালত এই গৱেষণাৰ বাতৰি প্ৰকাশিত হৈছে৷ ব্ৰিটেইনৰ হোল হে’ল্থ অংকোলজি ইনষ্টি্টউটৰ গৱেষকে গাঞ্জা পাতক লৈ দীৰ্ঘ সময় ধৰি গৱেষণা কৰি আহিছে৷ তেওঁলোকে জানিবলৈ দিয়ে যে গাঞ্জা পাতত টেট্ৰাহাইড্ৰকেলাবিনল নামৰ একধৰণৰ উপাদান থাকে৷ এই উপাদানবিধে কেঞ্চাৰ কোষ নষ্ট কৰিব পাৰে৷ অকল কেঞ্চাৰেই নহয়, এই উপাদানবিধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুগুণে বঢ়াই দিয়ে৷ গৱেষকে সদৰী কৰা মতে এইডছ ৰোগীৰ ক্ষেত্ৰতো এই উপাদানে ভাল কাম কৰাৰ সম্ভাৱনা আছে৷ শৰীৰৰ প্ৰদাহ কমোৱাত ইয়াৰ বিশেষ ভূমিকা আছে৷ উল্লেখ্য যে গাঞ্জা পাতৰ পৰা প্ৰস্তুত ঔষধ এন্দুৰৰ ওপৰত পৰীক্ষা কৰা হৈছিল৷ এই ক্ষেত্ৰত কেঞ্চাৰ বিশেষজ্ঞই জানিবলৈ দিয়ে যে পৰীক্ষা কৰি দেখা গৈছিল যে কেঞ্চাৰৰ ৰোগীৰ শৰীৰৰ প্ৰদাহ কমাব পাৰে এই ঔষধে৷ ইয়াৰ লগতে কেঞ্চাৰৰ কোষ বৃদ্ধি আৰু বিভাজন ৰোধ কৰিব দিব পাৰে৷ শাৰীৰিকৰ উপৰি মানসিক স্বাস্থ্যও ভালে ৰাখিব পাৰে এই ঔষধবিধে৷ মনৰ অতিৰিক্ত উদ্বেগ-উৎকণ্ঠা কমাবলৈ গাঞ্জা পাতৰ পৰা তৈয়াৰী ঔষধবিধ কাৰ্যকৰী হ’ব পাৰে৷ কেঞ্চাৰ ৰোগীক কেম’থেৰাপী দিয়াৰ ফলত কেঞ্চাৰ কোষ নষ্ট কৰে ঠিকেই, কিন্তু ইয়াৰ কাষৰ সুস্থ কোষবোৰৰো ক্ষতি হয়৷ ফলত শৰীৰৰ হৰমনৰ ভাৰসাম্য নষ্ট হয়৷ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়৷ গাঞ্জা পাতৰ পৰা তৈয়াৰী ঔষধে শৰীৰৰ সুস্থ কোষৰ কোনোধৰণৰ ক্ষতি নকৰে বুলি দাবী কৰিছে গৱেষকে৷ এই ঔষধবিধে শৰীৰৰ টি কোষক সক্ৰিয় কৰি কেঞ্চাৰ নিৰ্মূল কৰাত সহায় কৰিব৷ এইবুলিও সদৰী কৰিছে গৱেষকে৷