গাখীৰ কেঁচাই খায় নেকি ? এই সম্পৰ্কে কি কয় চিকিৎসকে

0
16

স্বাস্থ্য ৰক্ষাত গাখীৰৰ উপকাৰিতা কিমান, সেই বিষয়ে আমি সকলোৱে জানো৷ উচ্চ প্ৰ’টিনযুক্ত তথা ভিটামিন সমৃদ্ধ গাখীৰে আমাক বিভিন্ন প্ৰকাৰে শৰীৰৰ উপকাৰ সাধন কৰে৷ গাখীৰ বা আন দুগ্ধজাত দ্ৰব্যবোৰে শৰীৰক পুষ্টিগুণ যোগায়৷ কিন্তু গাখীৰ সম্পৰ্কিত আন এটা কথাইহে আচৰিত কৰিছে সকলোকে৷ কেঁচা গাখীৰ সেৱনে শৰীৰৰ বিপদ ঘটাব পাৰে৷ সম্প্ৰতি বিশেষজ্ঞই কেঁচা গাখীৰ কোৱাৰ ফলত বিপদজনক ফলাফলৰ কথা উল্লেখ কৰিছে৷ পুষ্টি বিশেষজ্ঞই কোৱা মতে ই কোলি, ছালমোনেলা, লিষ্টেৰিয়াৰ দৰে ক্ষতিকাৰক বেক্টেৰিয়া উপস্থিত থকা কেঁচা গাখীৰ খালে বিশেষকৈ শিশুৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে৷ অকল শিশুৰ ক্ষেত্ৰতে নহয়, প্ৰাপ্তবয়স্ক তথা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো ক্ষতিকাৰক হ’ব পাৰে কেঁচা গাখীৰ সেৱন কৰাৰ ফলত৷ পুষ্টিবিদে জানিবলৈ দিয়া মতে কেঁচা গাখীৰত কেম্পাইলোবেক্টৰ, ষ্টাফিলোকক্কাছ, ইয়েৰছিনিয়া, ব্ৰুছেলা, কক্সিলা আদি বিপজ্জনক বেক্টেৰিয়া উপস্থিত থাকে৷ এই বেক্টেৰিয়াবোৰে সৃষ্টি কৰা সমস্যা তথা ৰোগ সহজে নিৰাময় কৰা সম্ভৱ নহয়৷ যেনে– লিষ্টেৰিয়া নামৰ বেক্টেৰিয়াবিধে শিশুৰ মস্তিষ্কক আক্ৰমণ কৰে, যাৰ বাবে শিশুৰ মস্তিষ্কৰ গুৰুতৰ সমস্যা হ’ব পাৰে৷ ইয়াৰ লগতে বিশেষজ্ঞই পাস্তুৰাইজেশ্যন পদ্ধতিৰ গুৰুত্বৰ কথাও উল্লেখ কৰিছে৷ সেয়ে কেঁচা গাখীৰ খোৱাৰ পৰিৱৰ্তে গৰম কৰিহে গাখীৰ সেৱন কৰা উচিত, কিয়নো গৰম কৰাৰ ফলত ইয়াত থকা ক্ষতিকাৰক জীৱাণু তথা বেক্টেৰিয়াবোৰ সহজে ধবংস হৈ যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here