স্বাস্থ্য ভালে ৰাখিবলৈ ভিটামিন, মিনাৰেলত লগতে কেলচিয়ামৰো প্ৰয়োজন হয়৷ গাখীৰতকৈও এইবোৰ খাদ্যত বেছি পৰিমাণে কেলচিয়াম পোৱা যায়৷ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে সকলোতকৈ বেছি ক্ষতি হয় হাড়ৰ৷ ইয়াৰ লগতে দাঁত, হাৰ্টৰ লগতে মস্তিষ্কৰ বাবেও জৰুৰী এই উপাদান৷ সাধাৰণতে গাখীৰ কেলচিয়াম সকলোতকৈ বেছি ডাঙৰ উৎস বুলি ধৰা হয়৷ কিন্তু গাখীৰৰ উপৰি কিছুমান খাদ্য আছে, যিবোৰ কেলচিয়ামৰ ভাল উৎস৷ গাখীৰতকৈ বেছি ছয়াবিন আৰু বুটত পোৱা যায়৷ ছয়াবিনত কেলচিয়ামৰ উপৰি ভিটামিন-ডি যথেষ্ট পৰিমাণে থাকে, যিয়ে হাড় মজবুত ৰখাত সহায় কৰে৷ আনহাতে গাখীৰতকৈ আলমণ্ড বা বাদামত বেছি কেলচিয়াম পোৱা যায়৷ কেলচিয়ামৰ এটা ভাল উৎস হ’ল চিয়া চিড৷ ইয়াত যথেষ্ট পৰিমাণে ওমেগা থ্ৰি ফেটি এচিড থাকে৷ ইয়াৰ লগতে ব্ৰকলি, পনীৰ, দৈ আদিত যথেষ্ট পৰিমাণে কেলচিয়াম পোৱা যায়৷