গল খজুৱালেও কচুৰ ঠাৰি খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী

0
3

ভাতৰ পাতত কচুৰ ব্যঞ্জন থাকিলে আনকি কচু ৰন্ধা দেখিলেই নাখালেও বহুতৰে গল খজুৱাবলৈ আৰম্ভ কৰেই৷ কিন্তু বহুতেই আকৌ দৈনিক খাদ্য তালিকাত কচুৰ যিকোনো এবিধ ব্যঞ্জন ৰাখে৷ কচু খালে যদিও কেতিয়াবা খজুৱতি অনুভৱ হয়, তথাপি কিন্তু কচুৰ আছে যথেষ্ট উপকাৰিতা৷ পুষ্টিবিদৰ মতে কচুৰ ঠাৰিত প্ৰচুৰ পৰিমাণে ফাইবাৰ, আয়’ডিন, কেলচিয়াম, আইৰন, ভিটামিন-চি, ভিটামিন-বি আদি থাকে৷ জানো আহক কচুৰ ঠাৰিৰ উপকাৰিতাসমূহ৷
কচুৰ ঠাৰিত যথেষ্ট পৰিমাণে আয়’ডিন, ভিটামিন-বি থাকে বাবে মস্তিষ্ক গঠন, ইয়াৰ কাৰ্যশক্তি বৃদ্ধিত সহায় কৰে৷
যিসকলৰ কলেষ্টৰেলৰ সমস্যা আছে, সেইসকল লোকে খাদ্য তালিকাত কচু ৰখাটো ভাল৷ কচুই তেজত কলেষ্টৰেলৰ মাত্ৰা কমোৱাত অৰিহণা যোগায়৷
চকুৰ দৃষ্টিশক্তি ভালে ৰাখিবলৈ কচুৰ ঠাৰি খোৱা অতি উত্তম৷
কচুত থকা কেলচিয়ামে হাড়ৰ গঠন, হাড় শক্তিশালী কৰাত অৰিহণা আগবঢ়ায়৷
কচু আয়’ডিনৰ ভাল উৎস বাবে যিসকলৰ শৰীৰত তেজৰ পৰিমাণ কমি গৈছে, তেওঁলোকে নিয়মিতৰূপে কচু খাব লাগে৷
গৰমকালি ঘাম ওলাই শৰীৰৰ পানীৰ পৰিমাণ কমি যোৱাৰ দৰে সাধাৰণতে শীতকালত পানী কমকৈ খোৱা যায়৷ সেয়েহে শৰীৰত পানীৰ আদ্ৰৰ্তা অটুট ৰাখিবলৈ হ’লে কচু খোৱাটো অতি দৰকাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here