কিছুমান অঞ্চলৰ এটা প্ৰধান খাদ্য হিচাপে ধৰা হয়৷ আটাই আমাৰ শৰীৰক শক্তিৰ যোগান ধৰে৷ আজিকালি আকৌ বহুতেই ভাতৰ সলনি আটা খাবলৈহে পচন্দ কৰে৷ বিশেষকৈ ডায়েবেটিছ, কলেষ্টৰেল আদিত ভোগা লোকসকলে নিশাৰ সাঁজত ভাতৰ বিকল্প হিচাপে আটা বাছি লয়৷ আটাই শৰীৰৰ শক্তি যোগান ধৰাৰ উপৰি শৰীৰৰ অতিৰিক্ত মেদ জমা হোৱাত বাধা দিয়ে৷ আনহাতে গমৰ আটাতকৈও বিশ গুণ বেছি ফেট বাৰ্ন কৰা এইবিধ আটাই৷ নিয়ম মতে এই আটা খোৱাৰ ফলত মমৰ দৰে চৰ্বি কমিবলৈ ধৰে৷ যিসকল লোকে ওজন কমাবলৈ বিচাৰে তেওঁলোকৰ কাৰণে বাৰ্লিৰ পৰা উৎপাদিত আটা হ’ব পাৰে আদৰ্শ বিকল্প৷ এই আটাই দ্ৰুত ফেট বাৰ্ন কৰাত তথা বিপাক ক্ৰিয়া বঢ়োৱাত সহায় কৰে৷ বৰ্তমান অনিয়ন্ত্ৰিত জীৱন যাপন তথা খাদ্যাভ্যাসৰ কাৰণে বহুতৰে স্থূলতা বা ওজন বৃদ্ধিৰ সমস্যাত ভুগিছে৷ অকল সৌন্দৰ্যতে নহয়, এইদৰে বৃদ্ধি হোৱা মেদ বহু গুৰুতৰ ৰোগৰো কাৰণ হৈ উঠে৷ সহজে শৰীৰৰ অতিৰিক্ত মেদ কমাবলৈ এইধৰণৰ নিয়ম মানি আটা খালে শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে৷ আনহাতে পুষ্টিবিদে জনোৱা অনুসৰি গমৰ পৰা তৈয়াৰী আটাতকৈও বিশ গুণ বেছি দ্ৰুতভাৱে ফেট বাৰ্ন কিৰবলৈ সক্ষম জোৱাৰৰ পৰা উৎপাদিত আটাৰ৷ জোৱাৰৰ আটাত গমৰ তুলনাত তিনিগুণ বেছি প্ৰ’টিন, চাৰি গুণৰ পৰা বিশ গুণ বেছি ফেট বাৰ্নি ক্ষমতা আছে৷ ইয়াৰ উপৰি এই আটাত থকা বিটা-গ্লুকানে ফেট বাৰ্ন কৰাত সহায় কৰে আৰু মেটাবলিজম বঢ়ায়৷ জোৱাৰত থকা বিটা গ্লকান উপাদানে শৰীৰৰ বিপাক ক্ৰিয়া বঢ়াই কেলৰি বাৰ্ন কৰে বাবে স্বাভাৱিকভাৱে ওজন হ্ৰাস পায়৷ পুষ্টিবিদে জোৱাৰৰ ৰুটী খোৱাই নহয় জোৱাৰৰ পানী খোৱাৰো পৰামৰ্শ দিছে৷ নিয়ম মতে এই পানী সেৱন কৰিলে দ্ৰুতভাৱে ওজন হ্ৰাস হোৱাত সহায় কৰে৷