গভীৰ সমু্‌দ্ৰত ‘ডাৰ্ক অক্সিজেন’ আৱিষ্কাৰ

0
60

ভূপৃষ্ঠৰ পৰা চাৰি হাজাৰ মিটাৰ তলত প্ৰশান্ত মহাসাগৰৰ গভীৰ সমুদ্ৰত, য’ত সূৰ্যৰ পোহৰ কেতিয়াও নপৰে, তাত গৱেষকৰ অপ্ৰত্যাশিত অক্সিজেন সৰবৰাহৰ সন্ধান পাইছে৷ এই ঘটনাক ‘ডাৰ্ক অক্সিজেন’ হোৱা হয়৷ এইবাৰ প্ৰথমবাৰৰ বাবে জীৱন্ত জীৱৰ অনুপস্থিতিত এই ধৰণৰ অক্সিজেন উৎপাদন দেখা গৈছে৷ ঐতিহ্যগতভাৱে উদ্ভিদ আৰু শৈৱালৰ দৰে সালোক সংশ্লেষী জীৱক অক্সিজেন উৎপাদনৰ বাবে দায়ী কৰা হয়৷ নেচাৰ জিঅ’ ছায়েন্সত সদ্য প্ৰকাশিত গৱেষণা অনুসৰি সম্পূৰ্ণ অন্ধকাৰতো অক্সিজেন উৎপাদন হ’ব পাৰে৷ স্কটিছ এছ’চিয়েশ্যন ফৰ মেৰিন ছায়েন্সৰ অধ্যাপক এণ্ড্ৰু ছুইটমেনৰ নিৰ্দেশনাত এটা দলে এই আৱিষ্কাৰ কৰিছে৷ তেওঁলোকৰ গৱেষণাত অক্সিজেন কিদৰে উৎপাদিত হয় তথা কিদৰে জীৱন আৰম্ভ হৈছিল সেই সম্পৰ্কে আমাৰ জ্ঞানক মৌলিকভাৱে পৰিৱৰ্তন কৰাৰ সম্ভাৱনা আছে৷ অধ্যাপক ছুইটমেনে জনায় যে এই আৱিষ্কাৰ আমাৰ ধাৰণাৰ বাহিৰে এটা নতুন চিত্ৰ ফুটাই তোলে৷ সূৰ্যালোক অবিহনেও অক্সিজেন উৎপাদন সম্ভৱ, যি আমাৰ গ্ৰহৰ জীৱনৰ বিকাশৰ ধাৰণাক নতুনভাৱে ভাবিবলৈ বাধ্য কৰাইছে৷ গৱেষকৰ দলৰ মতে এই ডাৰ্ক অক্সিজেন প্ৰক্ৰিয়া গভীৰ সমুদ্ৰৰ কঠিন পৰিস্থিতিত বসবাসকাৰী জীৱ জীয়াই থকাত সহায়ক হ’ব পাৰে৷ এই গৱেষণাই নতুন সম্ভাৱনাৰ দুৱাৰ উন্মোচন কৰিছে, যি ভৱিষ্যতে গভীৰ সমুদ্ৰৰ বাস্তুতন্ত্ৰ তথা মহাকাশত জীৱন সন্ধান লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here