চাৰিওফালে অসংখ্য গুণমুগ্ধ, চিনাকি মানুহ বা আত্মীয়-স্বজন থাকিলেও কিন্তু আপুনি কেতিয়াবা অকলশৰীয়া অনুভৱ কৰে, একাকীত্বই আপোনাক সময়ৰ ফাকে ফাকে জুৰুলা কৰে আৰু আপুনি একাকীত্বৰ কবলত পৰিবলৈ লয়৷ সন্তান-সংসাৰ কিম্বা কেৰিয়াৰক লৈ সাংঘাতিক ব্যস্ত মানুহজনৰো দিনটোৰ শেষত কেতিয়াবা নিজকে অকলশৰীয়া অনুভৱ কৰে৷ অৰ্থাৎ সকলো থকাৰ পাছতো আপুনি অকলশৰীয়া হয়৷ গভীৰ একাকীত্বৰ কিছুমান লক্ষণ থাকিব পাৰে আপোনাৰ মাজতো৷ এনে লক্ষণবোৰে দেখা দিলে আপোনাৰ মনলৈ অহা ধাৰণাবোৰ নোহোৱা কৰিব পাৰে৷ নহ’লে মানসিক দিশটো ভাঙি যাব পাৰে৷ একাকীত্বৰ এইসমূহ কাৰণ হ’ব পাৰে, যিয়ে আপোনাৰ সকলো থকাৰ পাছতো নিজকে অকলশৰীয়া অনুভৱ হয়৷
বন্ধু-বান্ধৱ সকলোৰে থাকে৷ বন্ধু-বান্ধৱ পৰিবেষ্টিত জীৱন সকলোৰে কাম্য৷ কিন্তু তাৰ মাজতে যদি কিছুমানৰ ক্ষেত্ৰত বন্ধু-বান্ধৱ গঢ়ি নুঠে বা আপোনাৰ লগৰ কোনো লগৰীয়া নাথাকে, তেনে ক্ষেত্ৰত একাকীত্বত ভোগাৰ পূৰ্ণ আশংকা থাকে৷ নৈমিত্তিক বন্ধুত্ব অৰ্থাৎ যি বন্ধুৰ গভীৰতা নাথাকে, তেনে বন্ধুৰ সংখ্যা অসংখ্য হ’লেও কিন্তু আপুনি একাকীত্বত ভুগিব পাৰে৷
এজন লোকৰ মাজত সকলো ধৰণৰ গুণ নাথাকে, অৰ্থাৎ এজন লোক সকলো গুণৰে অধিকাৰী হ’ব নোৱাৰে৷ সেইটো স্বাভাৱিক কথা৷ অৱশ্যে পৃথিৱীৰ প্ৰত্যেকগৰাকী মানুহেই কিবা নহয় কিবা গুণৰ অধিকাৰী৷ নিজৰ ভাল দিশটো সম্পৰ্কে আপুনি নিজে অৱশ্যেই অৱগত৷ কিন্তু নিজৰ সেই ভালটো লৈয়ে যদি আপোনাৰ ভিতৰতে সন্দেহ থাকে, তেনেহ’লে হয়তো আপুনি একাকীত্বত ভুগিব পাৰে৷
অতিৰিক্ত ভাল হোৱা বা ভাল বুলি প্ৰতিপন্ন কৰিব বিচৰাটোও কিন্তু একধৰণৰ একাকীত্বৰ লক্ষণ৷ যেতিয়া আপুনি একাকীত্বত ভুগিব, তেতিয়া আনৰ ওচৰত নিজকে ভাল হিচাপে উপস্থাপন কৰাৰ তাড়না অনুভৱ কৰে৷ এইটো ভাল কথা নহয়৷ আপুনি নিজৰ যশ, মান খ্যাতি জহাই ফুৰিছে আপোনাৰ প্ৰকৃত বন্ধু লাভ কৰিব নোৱাৰে৷
আপু্নি সামাজিক আয়োজন এৰি চলে বা সামাজিক কোনো কামতে অংশগ্ৰহণ নকৰে৷ আন কাৰো আপু্নি হৈ নুঠিব পাৰে কাৰণে আপুনি সামাজিক অনুষ্ঠান আয়োজন এৰি চলিব পাৰে৷ আপুনি জানে কোনেও আপোনাৰ নুবুজে, কাৰো ওচৰতে আপুনি আপোন নহয়, কাৰো বাবে আপুনি গুৰুত্বপূৰ্ণ নহয়৷ এনে অৱস্থাত একাকীত্বই গ্ৰাস কৰে৷