গজালি ওলোৱা মগুমাহ খাওক

0
1813

আমি খোৱা প্ৰায়ভাগ খাদ্যতে কম-বেছি পৰিমাণে প্ৰ’টিন থাকে৷ তাৰ ভিতৰত গজালি ওলোৱা মগুমাহত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে৷ সাধাৰণতে বিভিন্ন মাহজাতীয় শস্য যেনে– বুট, মুগ আদি পানীত তিয়াই থ’লে, ইয়াৰ পৰা গজালি ওলায়৷ এনেদৰে গজালি ওলোৱা শস্য সকলোতকৈ সতেজ আৰু পুষ্টিদায়ক হয়৷ বিশেষজ্ঞৰ মতে, গজালি মেলাৰ পাছত এই খাদ্যবিলাকত পোষকতত্ত্বৰ পৰিমাণ দুগুণতকৈও অধিক হয়৷ বিশেষকৈ, এনে খাদ্যত ভিটামিন-চিৰ পৰিমাণ দহগুণলৈ বৃদ্ধি পায়৷ বহুতো পৰীক্ষা-নিৰীক্ষাৰ পৰা জনা গৈছে যে গজালিযুক্ত মাহ-প্ৰসাদ সহজে হজম হোৱাৰ লগতে ই শৰীৰত প্ৰচুৰ কেলৰিৰ যোগান ধৰে৷ গজালি ওলোৱা মগুমাহত থকা পৰ্যাপ্ত পৰিমাণৰ লৌহ পদাৰ্থই তেজত হিমগ্লবিনৰ পৰিমাণ বঢ়ায়৷ গজালি ওলোৱা মগুমাহত প্ৰচুৰ পৰিমাণে ভিটামিন-চি, ভিটামিন-ই আৰু ভিটামিন-কে থকাৰ লগতে প্ৰ’টিন, কেলচিয়াম, আইৰন, পটেচিয়াম আদিও পৰ্যাপ্ত পৰিমাণে থাকে৷ এই সকলোবোৰে শৰীৰৰ পুষ্টি যোগান ধৰাত সহায় কৰে৷ ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, যিয়ে কোষ্ঠকাঠিন্য দূৰ কৰে৷ ইয়াৰ লগতে নানা চৰ্মৰোগৰ পৰা শৰীৰক বচাই ৰাখে৷ ই দৃষ্টিশক্তি বঢ়োৱাতো সহায় কৰে৷ সেয়েহে আহক, আমি নিয়মিত গজালি ওলোৱা মগুমাহ বা বুট আদি খাই আমাৰ শৰীৰ শক্তিশালী আৰু ৰোগমুক্ত কৰি ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here