খোৱাৰ অযোগ্য পানীপুৰি পোৱা গৈছে একাধিক ৰাসায়নিক : ক’ত?

0
69

পানীপুৰি বা ফুচকা খাদ্যৰসিকৰ বাবে এবিধ জনপ্ৰিয় জিভাৰ পানী পৰা খাদ্য৷ বহুতেই বাহিৰলৈ ওলালেই পানীপুৰিৰ সোৱাদ নোলোৱাকৈ ঘৰ নোসোমায়৷ ফুচকা নাখালে অসম্পূৰ্ণ অনুভৱ কৰে, পানীপুৰি খাইহে যেন মন শান্ত হয় এইসকল লোকৰ৷ ষ্ট্ৰিট ফুডৰ ভিতৰত পানীপুৰিও অন্যতম৷ সম্প্ৰতি এখন ৰাজ্যৰ খাদ্য সুৰক্ষা দপ্তৰে পৰীক্ষাত বিখ্যাত ষ্ট্ৰিট ফুড পানীপুৰিত একাধিক গুৰুতৰ ৰাসায়নিকৰ উপস্থিতি ধৰা পেলাইছে৷ সম্প্ৰতি ২৫০ টা ফুচকাৰ নমুনা পৰীক্ষা কৰিছে খাদ্য সুৰক্ষা দপ্তৰ৷ তাৰ মাজৰ শতাংশই নিয়ম মানি প্ৰস্তুত কৰা হোৱা নাই৷ অত্যধিক কৃত্ৰিম ৰং আৰু কেঞ্চাৰজনিত ৰাসায়নিক পদাৰ্থৰ কাৰণে পানীপুৰি মানুহৰ স্বাস্থ্যৰ বিপদ ঘটাব পাৰে৷ যাৱতীয় পৰীক্ষা-নিৰীক্ষাৰ কৰাৰ পাছত এই কথা জানিবলৈ দিছে স্বাস্থ্য সুৰক্ষা বিভাগে৷ এই ঘটনাটো ঘটিছে কৰ্ণাটকত৷ এই ৰাজ্যত খাদ্য সুৰক্ষা আইন মতে যোৱাবাৰ গোবি মাঞ্চুৰিয়ান নিষিদ্ধ কৰা হৈছিল৷ এই বিশেষ খাদ্যবিধ টিকটিকীয়া ৰঙা হয়৷ এই ৰঙা ৰংটোৰ বাবে ৰোডেমাইন বি নামৰ এক বিশেষ ৰাসায়নিক মিহলোৱা হয়৷ এই ৰাসায়নিক কেঞ্চাৰ ৰোগৰ কাৰণ হ’ব পাৰে৷ অৰ্থাৎ কাৰচিনোজেনিক৷ অকল এই ৰাসায়নিকেই নহয় একাধিক ৰাসায়নিকৰ উপস্থিতি ধৰা পেলাইছে খাদ্য সুৰক্ষা বিভাগে৷ জনা গৈছে যে এই ৰাজ্যত বিক্ৰী কৰা পানীপুৰিত খাদ্য সুৰক্ষা দপ্তৰ ব্ৰিলিয়াণ্ট ব্লু¸, টাৰট্ৰাজান আৰু ছানছেট ইয়েলোৰ দৰে ৰং মিহলোৱা হয়৷ এই ৰংবোৰ পেটৰ বিভিন্ন ক্ষতি কৰিব পাৰে৷ ইয়াৰ উপৰি কেঞ্চাৰৰ আশংকাৰ সৃষ্টি কৰিব পাৰে এই ৰঙে৷ সেয়ে কৰ্ণাটকৰ খাদ্য সুৰক্ষা দপ্তৰে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা পানীপুৰিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰি তাত থকা ৰাসায়নিকৰ উপস্থিতি ধৰা পেলাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here