ছট্টিশগড়ৰ ছয়খন জিলাত খোৱাপানীৰ উৎসবোৰত বিপজ্জনকভাৱে উচ্চ মাত্ৰাত ইউৰেনিয়াম থকাৰ প্ৰমাণ পোৱা গৈছে৷ বিশ্ব স্বাস্থ্য সংগঠনৰ মতে ইয়ীত প্ৰতি লিটাৰ খোৱাপানীত ১৫ মাইক্ৰ’গ্ৰামতকৈ বেছি ইউৰেনিয়াম থাকিব নালাগে৷ কিন্তু ছট্টিশগড়ৰ ছয়খন জিলাত বিশ্ব স্বাস্থ্য সংগঠনে নিৰ্ধাৰণ কৰা সীমাতকৈ তিনি চাৰি গুণ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা সীমাতকৈ বেছি মাত্ৰাত ইউৰেনিয়ামৰ উপস্থিতি ধৰা পৰিছে৷ যাৰ ফলত মানুহৰ কৰ্কট ৰোগ, হাঁওফাঁওৰ ৰোগ, বৃক্কৰ ৰোগ, ছাল আদিৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে৷ ২০১৭ চনত বিশ্ব স্বাস্থ্য সংগঠনে পৰামৰ্শ দিছিল যে প্ৰতিলিটাৰ খোৱাপানীত ১৫ মাইক্ৰ’গ্ৰামতকৈ বেছি ইউৰেনিয়াম থাকিব নালাগে৷ কিন্তু ভাৰতৰ দৰে কিছুমান দেশত তাতকৈ বহু বেছি মাত্ৰাত ইউৰেনিয়াম আছে৷ আনহাতে ভাবা আণৱিক গৱেষণা কেন্দ্ৰত এটা অধ্যয়নত কোৱা হৈছে যে প্ৰতিলিটাৰ পানীত ৬০ মাইক্ৰ’গ্ৰাম নিৰাপদ৷ কিন্তু ছট্টিশগড়ৰ দুৰ্গ, ৰাজনন্দগাঁও,কেংকাৰ, বেমেতাৰা, বালোধ, কাৱাৰ্ধা আদি জিলাত খোৱাপানীৰ বিভিন্ন উৎসৰ পৰা প্ৰতিলিটাৰ পানীত ৮৬ মাইক্ৰ’ৰ পৰা ১৩০ মাইক্ৰ’গ্ৰামলৈ ইউৰেনিয়াম পোৱা গৈছে৷ সেয়ে এই অঞ্চলসমূহৰ পানীত যথেষ্ট পৰিমাণে ইউৰেনিয়াম থকাৰ তথ্য লাভ কৰিছে৷ যাৰ ফলত ইয়াৰ পানী খোৱাৰ অনুপযোগী হৈ পৰিছে৷