আজিকালি বহুতেই পুৱা-গধূলি খোজ কাঢ়ে৷ মৰ্নিং ৱাক অথবা ইভিনিং ৱাক কৰাৰ বাবে পুৱাই হওক বা আবেলিয়েই হওক– ৰাস্তাই-ঘাটে, পাৰ্ক, মুকলি ঠাই আদি মানুহেৰ ভৰি থাকে৷ বৰ্তমান সময়ত বহুতো লোকেই খোজকঢ়াটো অভ্যাসত পৰিণত কৰিছে৷ সুস্বাস্থ্যৰ বাবে খোজকঢ়াৰ আন বিকল্প নাই৷ খোজকঢ়াটো মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি কোৱা হয়৷ খোজকঢ়াটো অকল যে শাৰীৰিক স্বাস্থ্যৰ বাবে উপকাৰী, তেনে নহয়, ই মানসিক স্বাস্থ্যতো ইতিবাচক প্ৰভাৱ পেলায়৷ শেহতীয়াভাৱে মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ স্কুল এণ্ড পাব্লিক হেল্থে এই তথ্য প্ৰকাশ কৰিছে৷ বিশ্ববিদ্যালয়খনৰ গৱেষকসকলৰ মতে নিয়মীয়া শাৰীৰিক অনুশীলন বিশেষকৈ খোজকঢ়াৰ বহুখিনি উপকাৰিতা আছে৷ বিশেষকৈ বৃদ্ধসকলৰ বোধশক্তিত ই ইতিবাচক প্ৰভাৱ পেলায়৷ এই অধ্যয়নটোৰ জৰিয়তে নিয়মীয়াকৈ খোজকঢ়া আৰু মানসিক স্বাস্থ্যৰ গভীৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ বিচৰা হৈছিল৷ এই অধ্যয়নটোত গৱেষকৰ দলটোক নেতৃত্ব দিয়া অধ্যাপক জে কাৰ্ছনৰ মতে, মাইল্ড কগনিটিভ ইমপেয়াৰমেণ্ট বা এম চি আই আৰু আলঝেইমাৰত আক্ৰান্ত হোৱা লোকসকলৰ চিন্তা-ভাবনা কৰা আৰু স্মৃতিশক্তি হ্ৰাস পায় আৰু মগজুৰ নেটৱৰ্কৰ সম্পৰ্ক দুৰ্বল হৈ পৰে৷ এই অধ্যয়নটোৰ পৰা এই তথ্য লাভ কৰা হয় যে নিয়মীয়াকৈ খোজকাঢ়ি তেওঁলোকৰ মানসিক স্বাস্থ্য শক্তিশালী কৰিব পাৰি৷ তেওঁৰ মতে খোজকঢ়াৰ ফলত চেৰিব্ৰেল ৰক্ত প্ৰবাহ হ্ৰাস পায় আৰু মগজুৰ সক্ৰিয়তা বৃদ্ধি পাবলৈ ধৰে৷ গৱেষকসকলে ৭১-৮৫ বছৰৰ ৩৩জন লোকক লৈ এই অধ্যয়নটো কৰিছিল৷ এই লোককেইজনক ১২ সপ্তাহত দিনে চাৰিবাৰকৈ ট্ৰেডমিলত খোজকাঢ়িবলৈ দিয়া হৈছিল৷ এই সময়ছোৱাত তেওঁলোকৰ স্মৃতিশক্তি জুখি থকা হৈছিল৷ তেওঁলোকক এটা সৰু কাহিনী পঢ়িবলৈ দিয়া হৈছিল আৰু পাছত ইয়াক আওৰাবলৈ কোৱা হৈছিল৷ ইয়াৰ লগতে তেওঁলোকৰ মগজুত বোধশক্তিৰ সৈতে জড়িত নেটৱৰ্কৰ গতি-বিধিত চকু ৰাখিছিল৷ ১২ সপ্তাহ নিয়মীয়াকৈ খোজকঢ়াৰ পাছত দেখা পোৱা গৈছিল যে তেওঁলোকৰ কাহিনী মনত ৰখাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে৷ মগজুৰ গতি-বিধি শক্তিশালী হোৱাৰ লগতে নেটৱৰ্কৰ সমন্বয়ো উন্নত হৈছে৷