ডাঃ দুলুমনি কলিতা
আয়ুৰ্বেদিক মেডিচিন বিশেষজ্ঞ
ফোনঃ ৭৮৯৬২৪৬০০১
প্ৰখ্যাত বিজ্ঞানী, চিকিৎসক তথা লেখক ডাঃ মাৰ্ক হাইমেনে কৈছে – “Food is not just calories, it is information. It talks to your dna and tells it what to do. The food you consume is the most powerful tool to change your health, environment and the entire world.” এই উক্তিষাৰেই আমাৰ জীৱনত খাদ্যাভ্যাসৰ অপৰিসীম গুৰুত্বক সোঁৱৰাই দিবলৈ যঠেষ্ট।
শাৰীৰিক আৰু মানসিক সুস্থতা ৰক্ষাত যিদৰে খাদ্যই প্ৰত্যক্ষভাৱে সহায় কৰে, ঠিক একেদৰে ৰোগ উৎপত্তি আৰু ইয়াৰ উপশমো আমি গ্ৰহণ কৰা আহাৰৰ ওপৰতে নিৰ্ভৰশীল। ইতিবাচক স্বাস্থ্য বজাই ৰখাৰ বাবে সকলো কাৰকৰ ভিতৰত সঠিক খাদ্যাভ্যাসে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে। আহাৰক সেইবাবেই যিকোনো ৰোগৰ প্ৰথম আৰু মৌলিক ঔষধৰ লগত তুলনা কৰা হয়।
আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত সেয়েহে কোৱা হৈছে – When the diet is wrong, medicine is of no use; when the diet is right, medicine is of no need.
সঠিক আহাৰ গ্ৰহণে ৰোগ নিয়ন্ত্ৰনত বিশেষ ভূমিকা পালন কৰে। আজিৰ আধুনিক দ্ৰুত দৈনন্দিন কাৰ্যক্ৰমত খাদ্য সম্পৰ্কীয় নীতি-নিয়মৰ উলংঘা কৰা হৈছে, যি সমাজত সুস্বাস্থ্যৰ সামগ্ৰিকভাৱে হ্ৰাস পোৱাৰ এক প্ৰধান কাৰণ হিচাপে পৰিগণিত হৈছে।
আহাৰ জীৱৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় প্ৰথম চালিকা শক্তি। নৱজাত শিশুৰ বাবে মাতৃদুগ্ধ প্ৰথম আৰু সুষম খাদ্য। মাতৃৰ মহত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি “মা” শব্দটোক এনেদৰে সংজ্ঞায়িত কৰা হৈছে যে মানৱতাক যাৰ স্তনত পুষ্টি আৰু সভ্যতাই যাৰ কোলাত দোলনা দিয়ে। নৱজাতক এগৰাকীৰ বাবে মাতৃ দুগ্ধৰ একান্ত প্ৰয়োজনীয়তাই জীৱনৰ বাবে আহাৰৰ গুৰুত্বক বাৰুকৈয়ে প্ৰতিনিধিত্ব কৰে। আয়ুৰ্বেদ বিজ্ঞানে কেৱল অহাৰৰ ওপৰত গুৰুত্ব দিয়াই নহয়, ইয়াৰ সমগ্ৰ গুণগত মানৰ ওপৰতো গুৰুত্ব দিছে।
পেনিচিলিনৰ আৱিস্কাৰ পিছৰ সময়ছোৱাত সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ সমগ্ৰ বিশ্বতে হ্ৰাস পোৱাৰ বিপৰীতে নগৰীয়া সভ্যতাত আধুনিকতাৰ গ্ৰাসত ফাষ্ট ফুড, জাংক ফুডৰ প্ৰাদুৰ্ভাৱ, ব্যস্ততাপূৰ্ণ দৈনন্দিন কৰ্মসূচী, শাৰীৰিক নিষ্ক্ৰিয়তা, খাদ্য প্ৰস্তুতৰ বাবে সময়ৰ অভাৱত পেকেট খাদ্যৰ ব্যৱহাৰ আদিবোৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বৰ্তমান সমতৰ অসংক্ৰামক ৰোগ (NCD) যেনে- কাৰ্ডিওভাস্কুলাৰ ৰোগ (CVA), কৰ্কট ৰোগ (Cancer), দীৰ্ঘম্যাদী শ্বাস-প্ৰশ্বাসৰ ৰোগ (COPD), ডায়েবেটিচ বা মধুমেহ (DM), মেদবহুলতা (Obesity), মানসিক বিকাৰ আদি বৃদ্ধিৰ প্ৰাদুৰ্ভাৱ উন্নত আৰু উন্নয়নশীল দেশবোৰত আটাইতকৈ বেছিকৈ দেখিবলৈ পোৱা গৈছে। যদিও এই NCD ৰ বাবে আনুবংশিক (genetic) আৰু পাৰিপাৰ্শ্বিক (environmental) কাৰকো জড়িত, তথাপি খাদ্যাভ্যাস আৰু জীৱনশৈলীজনিত কাৰকবোৰেও ব্যক্তিগত স্তৰত এক বিশেষ ভূমিকা পালন কৰে।
আয়ুৰ্বেদৰ মতে আহাৰ, নিদ্ৰা আৰু বহ্মচাৰ্য – এই তিনিটা জীৱনধাৰনৰ বাবে ৩-উপস্তম্ভ স্বৰূপ, যিয়ে সুস্থ শৰীৰৰ আধাৰ নিৰূপণ কৰে। আকৌ এই তিনি উপস্তম্ভৰ ভিতৰত আহাৰৰ বিষয়ে সৰ্বপ্ৰথম উল্লেখ কৰা হৈছে। আয়ুৰ্বেদৰ ভাষাত ছয় প্ৰকাৰৰ ৰসযুক্ত আহাৰেই হওক বা আধুনিক ভাষাত কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বী, ভিটামিন আৰু খনিজ লৱণযুক্ত সুষম আহাৰেই হওক; এক সুস্থ-সৱল শৰীৰ-মনৰ বাবে সদৌ উপাদানযুক্ত আহাৰ গ্ৰহণ অতি প্ৰয়োজন।
আজি আমি এই লেখাৰ জৰিয়তে আহাৰ গ্ৰহণৰ নিয়ম সমূহৰ কথা জানিম আহক–
১) আহাৰ আমি কেতিয়া গ্ৰহণ কৰিম ?
• ৰাতিপুৱাৰ ভাগত মলত্যাগ কৰাৰ পাচত, স্নান কৰি উঠি যেতিয়া ৰাতিৰ আহাৰ সম্পূৰ্ণৰূপে জীৰ্ন হৈ ভোক লগা ভাৱ হয় আৰু শৰীৰৰ লঘুতা ভাব হয়, তেতিয়া আমি প্ৰথমে অলপ কুহুমীয়া পানী আৰু তাৰ পাছত আহাৰ গ্ৰহণ কৰিব লাগে।
• আহাৰ আমি দিনৰ ভাগত, সূৰ্যাস্তৰ আগত গ্ৰহন কৰিব লাগে, কাৰন এনে কৰিলে সূৰ্যৰ শক্তিৰ সহায়ত খাদ্যবস্তু হজম হোৱাত সহায়ক হয় আৰু অজীৰ্ণতাৰ পৰা আতৰি থাকিব পৰা যায়।
• আহাৰ কম কম পৰিমাণে সঘনাই গ্ৰহণ কৰিব লাগে।
২) আমি কিমান পৰিমাণৰ আহাৰ গ্ৰহণ কৰিম?
• আহাৰ মাত্ৰা- প্ৰতিজন ব্যক্তিৰে দৈহিক গঠন, হজম শক্তি আৰু জীৱিকা বেলেগ বেলেগ। সেয়েহে তেওঁলোকৰ আহাৰ প্ৰয়োজনীয়তাও ভিন্ন। আয়ুৰ্বেদ বিজ্ঞানত আহাৰৰ মাত্ৰা ব্যক্তি এজনৰ হজম শক্তি আৰু তেওঁৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে বুলি নিৰ্দেশ কৰিছে। অৰ্থাৎ বেছি শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিৰ বাবে আহাৰৰ পৰিমাণ বেছি আৰু পৰিশ্ৰম নকৰা লোকৰ আহাৰ মাত্ৰা কম হোৱা উচিত। মনত ৰখিব লাগে যে কম মাত্ৰাত খোৱা গুৰু আহাৰতকৈ বেছি অনিষ্টকৰ হৈছে ধিক মাত্ৰাত খোৱা লঘু আহাৰ । আয়ুৰ্বেদৰ নীতি অনুসৰি আমি খোৱা সম্পূৰ্ণ আহাৰৰ ২ অংশ গোটা আহাৰ, ১ অংশ জুলীয়া আহাৰ খাব লাগে। পাকস্থলীৰ ১ অংশ খালী ৰাখিব লাগে। এনে কৰিলে আহাৰৰ খাদ্যনলীৰ মাজেৰে চলচল ভাল হয় আৰু খাদ্যবস্তু অতি সহজে হজম হয়।
৩) আমি খোৱা আহাৰ কেনে হোৱা উচিত?
• লঘু আহাৰ- সহজে হজম হোৱা আৰু প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ পোৱা সুষম আহাৰ যেনে- ফল-মূল, শাক-পাচলি, গাখীৰ, চাউল, ঘেহু, দাইল আদি আহাৰ গ্ৰহণে আমাক সম্পূৰ্ণ পৰিপুষ্টি যোগান ধৰাৰ লগতে পেকেটযুক্ত খাদ্যৰ পৰা হ’ব পৰা ৰোগৰ পৰাও আতৰাই ৰাখে।
• উষ্ণ আহাৰ- খাদ্য সদায় গৰম অৱস্থাতে গ্ৰহণ কৰিব লাগে। এনে কৰিলে খাদ্যত থকা উষ্ণতাৰ প্ৰভাৱত পাকস্থলী আৰু অগ্নাশয়ত থকা উৎসেচকবোৰ সন্তুলিত হৈ খাদ্যবস্তু সোনকালে হজম হোৱাত সহায় কৰে।
• স্নিগ্ধ আহাৰ – আয়ুৰ্বেদত ‘স্নিগ্ধ’ শব্দটোৱে খাদ্যৰ আৰ্দ্ৰতা, খাদ্যৰ টেক্সচাৰ আৰু গুণগত মানৰ ব্যাখ্যা কৰে। তেল, ঘিউ বা পানীৰ উপযুক্ত ব্যৱহাৰ কৰা স্নিগ্ধ খাদ্যই খাদ্যৰ সঠিক টেক্সচাৰ আৰু সোৱাদ প্ৰদান কৰে। সঠিক পৰিমাণৰ তেল থাকিলে নিশ্চিত হয় যে উষ্ণ খাদ্যই আপোনাৰ শৰীৰৰ পাচনতন্ত্ৰৰ মাজেৰে মসৃণভাৱে গতি কৰিব পাৰে। সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ খাদ্যই মানুহক শাৰীৰিক আৰু মানসিকভাৱে সুখী কৰে আৰু একে সময়তে শৰীৰক শক্তি প্ৰদান কৰে। ঘিউ, তেল, মাখন, দৈ, ঘিউ, প্ৰাকৃতিক তেলযুক্ত খাদ্য যেনে নাৰিকল, নাৰিকলৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য, বাদাম আৰু মাংস ইত্যাদি খাদ্যৰ স্নিগ্ধতাই কোষীয় পৰ্যায়ত শৰীৰক পুষ্টি প্ৰদান কৰে। স্নিগ্ধ আহাৰে শৰীৰ, শৰীৰৰ পেশী, হাড় আৰু গাঁঠিৰ শক্তি বৃদ্ধি কৰে। ই শৰীৰৰ ইন্দ্ৰিয়সমূহক সন্তুলিত আৰু শক্তিশালী কৰে, যাৰ ফলত সংবেদনশীল অংগসমূহৰ সঠিক কাৰ্য্যকলাপ নিয়ন্ত্ৰন হয়। স্নিগ্ধ খাদ্যই ছালৰ সতেজতা আৰু টেক্সচাৰ উন্নত কৰে। ই ছাল আৰু চুলিৰ ৰং আৰু গঠন উন্নত কৰে। মনত ৰাখিব, যিকোনো বস্তুৰ অত্যধিক আৰু অনুচিত ব্যৱহাৰ সদায় বেয়া। গতিকে খাদ্য তেল, ঘিউ আদি উপযুক্ত অনুপাতেৰে আৰু শুদ্ধ ৰন্ধন পদ্ধতিৰে ৰান্ধিব লাগে। খাদ্যত এচামুচ বা দুচামুচ ঘিউ পৃথকে পৃথকে যোগ কৰিলে আপুনি মোটা নহয়। কিন্তু একেদৰে তেল, মাখন, ভজা খাদ্য, মেয়’নিজ, পনীৰ আদিৰ অত্যধিক গ্ৰহণে নিশ্চিতভাৱে আপোনাৰ ক্ষতি কৰিব। গতিকে আপুনি খাদ্য গ্ৰহণৰ সময়ত মনত ৰখিব যে খাদ্য কেৱল সতেজকৈ সিজোৱা আৰু গৰম হোৱাই নহয়, স্নিগ্ধও হোৱাটো জৰুৰী।
• ছয় ৰসাত্মক আহাৰ- আয়ুৰ্বেদৰ মতে আমি খোৱা আহাৰ ষড-ৰসাত্মক অৰ্থাৎ মধুৰ, অম্ল, লৱণ, কতু, তিক্ত আৰু কষায় ৰসযুক্ত হ’ব লাগে। এই ষড-ৰসযুক্ত খাদ্য শৰীৰৰ সম্পূৰ্ণ পৰিপুষ্টিৰ বাবে অতি জৰুৰী। হাজাৰ বছৰ পুৰণি ষড-ৰসাত্মক আহাৰৰ ধাৰণাটিৰ বৰ্তমানৰ সুষম আহাৰৰ ধাৰণাৰ লগত মিল আছে। আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ’টিন, চর্বি, ভিটামিন আৰু খনিজ দ্রব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমিত পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰকেই সুষম আহাৰ বোলে। এই সুষম আহাৰ বা ষড-ৰসাত্মক আহাৰ শৰীৰৰ বৃদ্ধি, বিকাশ আৰু সু-স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।
৪) খাদ্য গ্ৰহণৰ ক্ৰম কেনেকুৱা হোৱা উচিত?
আহাৰ গ্ৰহণৰ সময়ত প্ৰথমে গুৰু, মধুৰ আৰু স্নিগ্ধ খাদ্য গ্ৰহণ কৰাৰ পিছত অম্ল আৰু লৱণযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে। অগ্নিৰ সঠিক সক্ৰিয়কৰণ, হজম আৰু খাদ্যৰ সঠিক শোষণৰ বাবে আহাৰ গ্ৰহণৰ শেষ অংশত ৰুক্ষ, কটু, তিক্ত আৰু কষায় ৰসযুক্ত খাদ্য খাব লাগে। খাদ্যগ্ৰহণ কৰাৰ পিছত সঠিক হজমৰ বাবে এক মূহুৰ্ত (৪৮ মিনিট)-ৰ বাবে কোনো খাদ্য গ্ৰহণ কৰিব নালাগে।
৫) আয়ুৰ্বেদ অনুসাৰে কেনেবোৰ খাদ্যক বিৰুদ্ধ আহাৰ বোলা হয়?
বিৰুদ্ধ আহাৰ আয়ুৰ্বেদৰ এক অনন্য ধাৰণা। যিবোৰ ঔষধ আৰু খাদ্যই দোষক উত্তেজিত কৰে আৰু ৰোগৰ সৃষ্টি কৰে, সেইবোৰ আহাৰক বিৰুদ্ধ আহাৰ বোলা হয়। চৰকাচাৰ্য্যই ‘বিৰুদ্ধাহাৰ’ক নিৰ্দিষ্ট খাদ্য আৰু ইয়াৰ সংমিশ্ৰণ বুলি সংজ্ঞায়িত কৰিছে, যিয়ে কলাৰ বিপাকীয় ক্ৰিয়াত, কলা গঠন প্ৰক্ৰিয়াত বাধা দিয়াৰ লগতে যিবোৰত কলাৰ বিপৰীত গুণ থাকে। চৰকে এনে ১৮ টা অৱস্থাৰ কথা উল্লেখ কৰিছে। এনে ধৰণৰ বিৰুদ্ধ আহাৰ গ্ৰহণৰ ফলত কেৱল ৰোগৰ সৃষ্টিয়েই নহয়, ইয়াৰ বিষক্ৰিয়াৰ ফলত মৃত্যুৰ সন্মুখীন হ’ব লগা পৰিস্থিতিৰো উদ্ভৱ হ’ব পাৰে। আয়ুৰ্বেদৰ এই বিষয়বস্তুলৈ বৰ্তমান ট’পোগ্ৰাফী (খাদ্যৰ সংমিশ্ৰণৰ সৈতে জড়িত বিজ্ঞান) নামৰ এটা নতুন শাখাৰ উন্মেষ ঘটিছে, য’ত খাদ্যৰ মৌলিক শ্ৰেণীসমূহৰ সংমিশ্ৰণ আৰু শৰীৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে কোৱা হৈছে।
আয়ুৰ্বেদত উল্লিখিত ১৮ বিধ বিৰূদ্ধ আহাৰঃ
• দোষ (প্ৰকৃতি) বিৰুদ্ধঃ দোষ সৈতে একে গুণ থকা কিন্তু ব্যক্তিৰ অভ্যাসৰ সৈতে পৃথক ঔষধ, খাদ্য আৰু ৰেজিমেণ্টৰ ব্যৱহাৰ; যেনে- কফ প্ৰকৃতিৰ ব্যক্তিয়ে অত্যধিক কফ বৰ্ধক আহাৰ গ্ৰহণ কৰাটো দোষ বিৰুদ্ধ।
• সংস্কাৰ (প্ৰস্তুতিৰ ধৰণ) বিৰুদ্ধঃ ঔষধ আৰু খাদ্য বিশেষ ধৰণে প্ৰস্তুত কৰিলে গুণকাৰী খাদ্যও বিষাক্ত হৈ পৰে। যেনে- গৰম কৰিলে মৌ আৰু দৈ বিষাক্ত হৈ পৰে।
• দেশ (স্থান) বিৰুদ্ধঃ যিটো খাদ্য কোনো এটা অঞ্চলৰ বিৰোধী; তেনে খাদ্যই সেই অঞ্চলৰ ব্যক্তিৰ শৰীৰত অনিষ্টকৰ প্ৰভাৱ পেলাব পাৰে। যেনে- মৰুভূমিত শুকান, তীক্ষ্ণ আৰু ৰুক্ষ পদাৰ্থ গ্ৰহণ; অনুপ দেশ (জলাশয় ভূমি)-ত স্নিগ্ধ আৰু শীত (ঠাণ্ডা) পদাৰ্থ গ্ৰহণ অনিষ্টকাৰী।
• কাল/সময় বিৰুদ্ধঃ সময় আৰু ঋতুৰ বিৰোধী খাদ্য শৰীৰৰ বাবে অনিষ্টকাৰী । যেনেঃ ৰাতি দৈ সেৱন, শীতকালত ঠাণ্ডা আৰু শুকান পদাৰ্থ গ্ৰহণ; গ্ৰীষ্মকালত শুকান, তিতা আৰু গৰম পদাৰ্থ গ্ৰহণ কৰাটো কালবিৰুদ্ধ আৰু অন্যায়কাৰী।
• অগ্নি (পাচন শক্তি) বিৰুদ্ধঃ নিজৰ পাচন শক্তিৰ অনুকূল খাদ্য গ্ৰহণ নকৰিলে ই ৰোগৰ কাৰক হ’ব পৰে। যেনে – মৃদু পাচন শক্তিৰ ব্যক্তিয়ে গুৰু (heavy) খাদ্য গ্ৰহণ কৰা, তীক্ষ্ণ পাচন শক্তি ব্যক্তিয়ে হ’লে লঘু (light) খাদ্য গ্ৰহণ কৰাটো অগ্নি বিৰুদ্ধ।
• মাত্ৰা বিৰুদ্ধঃ পৰিমাণত অসঙ্গতিপূৰ্ণ খাদ্যৰ সংযোগৰ ফলত গুণকৰ খাদ্যও বিষাক্ত হৈ পৰে ।যেনে- মৌ আৰু ঘিউ দুয়োবিধ খাদ্যই শৰীৰৰ বাবে অতি হিতকাৰী; কিন্তু সমান পৰিমাণত মৌ আৰু ঘিউৰ মিশ্ৰণৰ সমন্বিত সেৱন বিষাক্তকাৰী।
• সাত্মেয়/ অভ্যাস বিৰুদ্ধঃ নিজৰ খাদ্যাভ্যাস অনুসৰি খাদ্য গ্ৰহণ নকৰিলে সেই খাদ্যই শৰীৰত অনিষ্টকৰ প্ৰভাৱ পেলোৱা দেখা যায়।যেনে- তিতা আৰু গৰম পদাৰ্থৰ অভ্যস্ত ব্যক্তিসকলে হঠাৎ মিঠা আৰু ঠাণ্ডা পদাৰ্থ গ্ৰহণ কৰাটো সাত্মেয় বিৰুদ্ধ।
• বীৰ্য বিৰুদ্ধঃ গৰম বীৰ্যৰ পদাৰ্থৰ সৈতে ঠাণ্ডা বীৰ্যৰ পদাৰ্থ সংযোগ কৰিলে শৰীৰত অনিষ্টকৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। যেনে- মাছ আৰু গাখীৰ একেলগে খোৱা বীৰ্য বিৰুদ্ধ আৰু অনিষ্টকৰ।
• কোষ্ঠ /অন্ত্ৰ বিৰুদ্ধ ঃ কঠিন অন্ত্ৰ ( কোষ্ঠকাঠিন্য) থকা ব্যক্তিৰ বাবে কম মাত্ৰাত মৃদু পাৰ্গেটিভ প্ৰদান কৰা আৰু শিথিল অন্ত্ৰ থকা ব্যক্তিৰ বাবে শক্তিশালী পাৰ্গেটিভ শক্তিশালী মাত্ৰাত প্ৰদান কৰা অনিষ্টকৰ।
• অৱস্থা বিৰুদ্ধঃ ক্লান্তি, যৌন ক্ৰিয়া আৰু ব্যায়ামৰ পিছত ব্যক্তিয়ে বাট দোষ বৃদ্ধি কৰক শুকান, তীক্ষ্ণ খাদ্য গ্ৰহণ কৰা। কোনো ব্যক্তিয়ে টোপনিৰ পিছত বা এলেহুৱা ব্যক্তিয়ে কফ দোষ বৃদ্ধি কৰা খাদ্য গ্ৰহণ কৰা অনিষ্টকাৰী।
• ক্ৰম (খোৱাৰ ক্ৰম)বিৰুদ্ধঃ অন্ত্ৰ বা মূত্ৰাশয় খালী নকৰাকৈ, ভোক নথকা সময়ত, খাদ্য গ্ৰহণৰ পাছত বা ভোক বেছি হোৱাৰ পিছত খাদ্য গ্ৰহণ কৰাটো শৰীৰৰ বাবে অনিষ্টকাৰী।
• পৰিহাৰ (Contraindication incompatibility) বিৰুদ্ধঃ গাহৰিৰ মাংস খোৱাৰ পিছত গৰম বস্তু সেৱন কৰা শৰীৰৰ বাবে অন্যায়কাৰী।
• উপচাৰ (চিকিৎসা) বিৰুদ্ধঃ ঘি খোৱাৰ পিছত ঠাণ্ডা বস্তু সেৱন কৰা অনিষ্টকাৰী আৰু অজীৰ্ণৰ সৃষ্টিকাৰক।
• পাক (ৰন্ধা পদ্ধতি বা প্ৰক্ৰিয়া) বিৰুদ্ধঃ খাদ্য প্ৰস্তুত কৰাৰ সময়ত কমকৈ ৰন্ধা, অতিমাত্ৰা ৰন্ধা বা জ্বলি যোৱা খাদ্য গ্ৰহণ শৰীৰৰ বাবে অপকাৰী ।
• সংযোগ (সংমিশ্ৰণ) বিৰুদ্ধঃ গাখীৰৰ লগত টেঙা বস্তু সেৱন কৰা বা গাখীৰৰ লগত নিমখৰ সেৱন অনিষ্টকাৰী ।
• হৃত (স্পেলেবিলিটি) বিৰুদ্ধঃ মনৰ অনুকূল নোহোৱা যিকোনো পদাৰ্থ গ্ৰহণ কৰিলে ই শৰীৰৰ অনিষ্ট সাধন কৰা দেখা যায়।
• সম্পদ (গুণগত মান) বিৰুদ্ধঃ অপৰিপক্ক, অতি পকা বা পচি যোৱা পদাৰ্থ গ্ৰহণ কৰা অনিষ্টকাৰী ।
• বিধি (খাদ্যৰ নিয়ম) বিৰুদ্ধঃ খাদ্যৰ নিৰ্দেশনা মানি নচলাকৈ (আহাৰ বিধি) খাদ্য গ্ৰহণ কৰিলে ই ৰোগৰ কাৰক হ’ব পাৰে।
৬) আহাৰ খোৱা সময়ত কি কি নিয়ম মানি চলিব লাগে?
• খাদ্য পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ আৰু নিকা পাত্ৰত পৰিষ্কাৰ ঠাইত গ্ৰহণ কৰিব লাগে।
• খাদ্য অতি দ্ৰুত ভাৱে গ্ৰহণ কৰিব নালগে।
• খাদ্য অতি লাহে লাহে গ্ৰহণ কৰিব নালাগে।
• খাদ্য খোৱাৰ সময়ত অনৰ্গল কথা ক’ব বা হাঁহিব নালাগে।
• প্ৰসন্ন চিত্তে বা প্ৰফুল্ল মন লৈ খাদ্যবস্তু গ্ৰহণ কৰিব লাগে ।
• খাদ্য খোৱাৰ সময়ত মনোযোগী হ’ব লাগে।
• খাদ্য অনুকূল পাত্ৰত ৰন্ধন আৰু পৰিৱেশন কৰিব লাগে।
• ৰাতিৰ আহাৰ পাৰিলে সুৰ্যাস্তৰ আগত গ্ৰহণ কৰিব লাগে। খোৱা আৰু শোৱাৰ মাজত কমেও ৩-৪ ঘণ্টা ব্যাৱধান থাকিব লাগে।
৭) কোনবোৰ খাদ্যবস্তুক আমাৰ বাবে পথ্য বুলি ধৰা হয় ?
• পুৰনি শালি ধানৰ চাউল (১ বছৰ পুৰণি)
• গম ধান বা ঘেহু
• মগু দাইল, মাহ আদি
• গাখীৰ
• গো ঘৃত,
• দৈ
• সৈন্ধৱ লৱণ
• সেউজীয়া শাক-পাচলি ( পটল, মানিমুনি, নৰসিংহ, ভেদাইলতা, চজিনা আদি)
• ফল-মূল ( ডালিম, অমিতা, মধুৰিআম, আমলখি, শিলিখা, আপেল আদি)
• ঘৰত সদায় ব্যৱহাৰ হোৱা গোটা মচলা সমূহ -হালধি, আদা, জিৰা, তেজপাত, জালুক, নহৰু আদি।
• তিল তেল
• কুহুমীয়া গৰম পানী আদি।
৮) কি কি পৰিস্থিতিত খাদ্য গ্ৰহণ ৰোগৰ কাৰক হ’ব পাৰে?
• খোৱা খাদ্য হজম হোৱাৰ আগত আকৌ খাদ্য গ্ৰহণ কৰিলে
• বিৰুদ্ধ আহাৰ গ্ৰহণ কৰিলে
• অজীৰ্ণ অৱস্থাত খাদ্যবস্তু গ্ৰহণ কৰিলে
• ভোক লাগি থকা সময়ত খাদ্য গ্ৰহণ নকৰিলে
• ৰাতি দেৰিকৈ আৰু গুৰু আহাৰ গ্ৰহণ কৰিলে।
• প্ৰয়োজনতকৈ কম অথবা অত্যধিক খাদ্য গ্ৰহণ কৰিলে ই ৰোগৰ কাৰক হ’ব পাৰে।
জানিব লগীয়া কথাঃ খোৱাৰ আগৰ পানী অমৃত-তুল্য; খোৱাৰ লগে লগে খোৱা পানী সন্তুষ্টি-জন্য আৰু খোৱাৰ পিছত পানী খোৱাটো বিষ-তুল্য। সেয়েহে পানী সদায় খাদ্য খোৱাৰ আধা ঘণ্টা আগত গ্ৰহণ কৰিব লাগে।
- দুপৰীয়াৰ আহাৰ আটাইতকৈ গুৰু (Heavy) আৰু ৰাতিৰ আহাৰ আটাইতকৈ লঘু (Light) হ’ব লাগে। সূৰ্য্যই পৃথিৱীৰ বাবে শক্তিৰ উৎস, ই দুপৰীয়া আকাশৰ সৰ্বোচ্চ স্থানত উপনীত হোৱাৰ লগে লগে, আপোনাৰ পাচন শক্তিও সৰ্বোচ্চ স্থানত থাকে। এই কাৰণেই আয়ুৰ্বেদে দিনটোৰ আটাইতকৈ গুৰু আহাৰ দুপৰীয়া খাবলৈ পৰামৰ্শ দিয়ে।
- শুবলৈ যোৱাৰ কমেও তিনি-চাৰি ঘণ্টা আগতে লঘু খাদ্য গ্ৰহণ কৰিব লাগে, আৰু প্ৰায় ৯ বজাৰ আগতে বিচনাত পৰিবলৈ চেষ্টা কৰিব লাগে। আমি ৰাতি যেতিয়া জিৰণি লওঁ আমাৰ মগজু, হৃদয় আৰু কিডনী আদি প্ৰধান অংগ সমূহক বাদ দি বাকী অংগ সমূহে জিৰণি লয় আৰু মেৰামতিৰ কাম কৰি পৰৱৰ্তী দিনটোৰ বাবে নিজকে সাজু কৰিবলৈ সময় পায়। ৰাতি বেছিকৈ খাদ্য গ্ৰহণ কৰিলে আমাৰ পাচনতন্ত্ৰই জিৰণি আৰু মেৰামতিৰ বাবে সময় নাপায়। ফলত লাহে লাহে পাচনতন্ত্ৰজনিত ৰোগবোৰৰ সৃষ্টি হয়।