খাদ্যত অধিক বেকিং ছ’ডা ব্যৱহাৰ কৰিলে কি হ’ব পাৰে

0
43

সকলোৰে পাকঘৰত বহুলভাৱে ব্যৱহূত এবিধ প্ৰয়োজনীয় সামগ্ৰী হৈছে বেকিং ছ’ডা৷ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বনাওঁতে বেকিং ছ’ডা ব্যৱহাৰ কৰা হয়৷ কিন্তু অধিক মাত্ৰাত খাদ্যত বেকিং ছ’ডা ব্যৱহাৰ কৰিলে ই শৰীৰৰ বাবে হানিকাৰক হিচাপে বিবেচিত হ’ব পাৰে৷ যিহেতু বেকিং ছ’ডা এবিধ ক্ষাৰীয় পদাৰ্থ, সেয়ে ই পেটৰ এচিডৰ ওপৰত প্ৰভাৱ পেলায়৷
বেকিং ছ’ডাত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে৷ যদি কোনো লোকে অধিক মাত্ৰাত ছডিয়াম বাই কাৰ্বনেট গ্ৰহণ কৰে, তেন্তে তেওঁৰ শৰীৰে পাচনতন্ত্ৰলৈ পানী টানি নিমখৰ সন্তুলন ঠিক কৰিবলৈ চেষ্টা কৰে৷ যাৰ বাবে বমি আৰু শৌচৰ সমস্যাই দেখা দিয়ে৷
বেকিং ছ’ডাত থকা ছডিয়ামে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷
গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে ইয়াক অধিক সেৱন কৰা উচিত নহয়৷
অধিক মাত্ৰাত বেকিং ছ’ডাৰ সেৱনে পেট ফটাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷ দৰাচলতে যেতিয়া বেকিং ছ’ডাই পেটৰ এচিডৰ সৈতে মিলিত হয়৷ তেতিয়া তাত এটা ৰাসায়নিক প্ৰক্ৰিয়া হয়৷ এই প্ৰক্ৰিয়াৰ ফলত পেটত অধিক গেছ জমা হৈ পেট ফটাৰ সম্ভাৱনা বৃদ্ধি পায়৷
সেয়েহে খাদ্যত নিয়মিত ৰূপত বেকিং ছ’ডা ব্যৱহাৰ কৰি শৰীৰ সুস্থ কৰাৰ লগতে খাদ্যৰ গুণ বৃদ্ধি কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here