Daily newsFitness PlusHealth NaturallyHealth Talksখজুৱতি, চোৰিয়াছিছৰ দৰে চৰ্মৰোগো হ’ব পাৰে কিডনী ৰোগৰ লক্ষণBy Health Plus - July 30, 2025081Facebook Twitter Pinterest WhatsApp ক্ৰনিক কিডনী ডিজিজ চমুকৈ চি কে ডিক লৈ সমগ্ৰ বিশ্বতে উদ্বেগ বাঢ়িছে৷ কেইমাহমান আগতে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ বা আই চি এম আৰে দেশৰ বিভিন্ন ঠাইত সমীক্ষা চলাই জনাইছে যে ২০১১ চনৰ পৰা ২০২৩ চনলৈ দেশত কিডনী ৰোগত আক্ৰান্তৰ সংখ্যা ১১.১২ শতাংশৰ পৰা বাঢ়ি ১৬.৩৮ শতাংশলৈ হয়৷ আক্ৰান্তৰ তালিকাত শিশুও আছে৷ এই ৰিপ’ৰ্টত দেখা গৈছে যে প্ৰতিবছৰে লক্ষাধিক মানুহ আক্ৰান্ত হয় কিডনীৰ ৰোগত৷ বেছিভাগ ক্ষেত্ৰতে ৰোগ নিৰ্ণয় পলম হোৱাৰ ফলত বিপজ্জনক অৱস্থালৈ গতি কৰে ৰোগীয়ে৷ ৰোগ নিৰ্ণয়ৰ পলম হোৱাৰ কাৰণ হ’ল সঠিক সময়ত ৰোগৰ লক্ষণ চিনাক্ত কৰিব নোৱৰাটো৷ কিডনীৰ ৰোগ হ’লে প্ৰস্ৰাৱৰ সমস্যাৰ উপৰি আন উপসৰ্গও দেখা দিয়ে, যাৰ বিষয়ে আমি অৱগত নহয়৷ সেয়ে এনেধৰণৰ উপসৰ্গবোৰক লৈ সতৰ্ক কৰিছে বিশেষজ্ঞই৷ ইয়াৰ মাজতে কিছুমান লক্ষণ একেবাৰে অজানা৷ছালৰ খজুৱতি, ৰাশ বা ৰুক্ষতা তথা কিছু ক্ষেত্ৰত ছোৰিয়াছিছৰ দৰে চৰ্মৰোগ দেখা দি থাকিলে কিডনীৰ সমস্যাৰ কাৰণে হ’ব পাৰে৷ ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় প্ৰুৰিটাছ৷ ই এক ধৰণৰ চৰ্মৰোগ, যি বিভিন্ন কাৰণত হ’ব পাৰে৷ মূলতঃ শৰীৰৰ প্ৰদাহ বাঢ়ি গ’লে তথা বেছি মাত্ৰাত টক্সিন জমা হ’লে এই সমস্যাই দেখা দিব পাৰে৷ দেশৰ নেশ্যনেল কিডনী ফাউণ্ডেশ্যনৰ তথ্যৰ পৰা জনা মতে কিডনীৰ অসুখৰ সৈতে প্ৰুৰিটাছৰ নিবিড় যোগসূত্ৰ আছে৷ কিডনীয়ে শৰীৰৰ চেকনিৰ দৰে কাম কৰে৷ শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷ এই প্ৰক্ৰিয়া যদি ব্যাহত হয়, তেনেহ’লে শৰীৰত এইসকলো দূষিত পদাৰ্থ জমা হৈ থাকিব৷ ফলত ফচফৰাছৰ মাত্ৰা বাঢ়ি যাব তথা কেলচিয়াম আৰু ভিটামিন-ডিৰ পৰিমাণৰো তাৰতম্য ঘটিব৷ ইয়াৰ ফলত শৰীৰৰ কোষবোৰত মাৰাত্মক প্ৰদাহ আৰম্ভ হ’ব, যাৰ প্ৰভাৱ পৰিব ঘৰ্মগ্ৰন্থিতো৷ এই গ্ৰন্থি যদি শুকাই গৈ থাকে, তেনেহ’লে ছালৰ ৰন্ধ্ৰৰ মাজেৰে ধূলি-মাকতি বাহিৰ হ’ব নোৱাৰি ইয়াতে জমা হ’বলৈ ধৰে৷ ফলত ছালখন শুকাই যাব৷ ছালখন খৰখৰীয়া হৈ পৰিব আৰু খজুৱতিৰ সৃষ্টি হ’ব৷ প্ৰৰিটাছ হ’লে চিকিৎসা কৰি শৰীৰৰ লক্ষণ দেখিলে কিডনীৰ ৰোগ হৈছেনে পৰীক্ষা কৰা ভাল৷ৰোগ বাঢ়ি গ’লে লাইট থেৰাপী কৰিবলগীয়া হয়৷ শৰীৰৰ যি অংশত ৰাছ বা ঘা হয়, সেই অংশৰ নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্যৰ পোহৰ পঠিয়াই তাক নিৰাময়ৰ চেষ্টা কৰা হয়৷