বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হু-এ কয় যে কৃত্ৰিম ছুইটেনাৰ এস্পাৰটেমে মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে৷ ছফট ড্ৰিংক্ছত এস্পাৰটেম সচৰাচৰ ব্যৱহাৰ কৰা হয়৷ ডব্লিউ এইচ অ’ৰ পৰিপুষ্টি আৰু খাদ্য সুৰক্ষা বিভাগৰ সঞ্চালক ফ্ৰান্সেছকো ব্ৰানকাই কয় যে আমি কোম্পানীসমূহক তেওঁলোকৰ উৎপাদিত পানীয়বোৰ প্ৰত্যাহাৰ কৰিবলৈ বা গ্ৰাহকসকলক সেইবোৰ খোৱাটো একেবাৰে বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া নাই৷ তেওঁ কয় যে আমি কমকৈ খাবলৈহে পৰামৰ্শ দিছোঁ৷ উল্লেখ্য যে ৬-১৩ জুনলৈ ফ্ৰান্সৰ লিয়ঁত অনুষ্ঠিত এখন সভাত এস্পাৰমিণ্টৰ কৰ্কট সৃষ্টি কৰিব পৰা গুণ প্ৰথমবাৰৰ বাবে বিশ্লেষণ কৰিছিল ডব্লিউ এইচ অ’ৰ ইণ্টাৰনেশ্যনেল এজেঞ্চি ফৰ ৰিছাৰ্চ অন কেঞ্চাৰে বা আই এ আৰ চি৷ এস্পাৰমিণ্টে মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে বুলি আই এ আৰ চি সিদ্ধান্তত উপনীত হয়