কৰ্কট প্ৰতিৰোধী ইনজেক্‌শ্যনচিকিৎসাৰ বাবে মাত্ৰ সাত মিনিট

0
576


যিমানে বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত বিকাশ হৈছে, সিমানেই ন ন ৰোগে বিশ্ববাসীক আতংকিত কৰি তুলিছে৷ বৰ্তমান শতিকাত কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে মানুহৰ দেহলৈ শিপাইছে৷ কৰ্কট ৰোগে সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই মাৰাত্মক ৰোগবিধ প্ৰতিৰোধৰ বাবে নিতৌ নানান গৱেষণা চলি আছে, ঔষধ ওলালেই আছে যদিও ইয়াৰ নিঃশেষ কৰিবলৈ সক্ষম হোৱা নাই৷ এই বেমাৰৰ পৰা কিদৰে মানৱ সমাজ ৰক্ষা পৰে তাৰ বাবে নানা পৰীক্ষা-নিৰীক্ষা চলি আছে৷ ইয়াৰ উপৰি বিভিন্ন গৱেষকে ইয়াৰ ঔষধ তৈয়াৰ কৰি ইয়াৰ পৰা মুক্তিৰ উপায় বিচাৰিছে৷ শেহতীয়াভাৱে ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ পৰা ইয়াত কৰ্কট আক্ৰান্ত ৰোগীসকলৰ বাবে ইনজেক্‌শ্যন মুকলি কৰে৷ ইমিউনিটি থেৰাপি, এটেজ’লিজুমাবৰ দ্বাৰা চিকিৎসা কৰি থকা ৰোগীসকলক এই ইনজেক্‌শ্যন দিয়া হ’ব বুলি এন এইচ এছে সদৰী কৰিছে৷ ইয়াৰ লগতে এন এইচ এছে কয় যে কৰ্কট ৰোগ প্ৰতিৰোধী এই ইনজেক্‌শ্যনটোৰ জৰিয়তে চিকিৎসা কৰিবলৈ মাত্ৰ সাত দিন সময় লাগিব৷ উল্লেখ্য যে এই ইনজেকশ্যনৰ জৰিয়তে কেঞ্চাৰ আক্ৰান্ত লোকজনৰ শৰীৰৰ কোষবোৰ সহজে ধবংস হ’ব বুলি গৱেষকসকলে সদৰী কৰিছে৷ এই নতুন আৱিষ্কৃত ইনজেক্‌শ্যনে কৰ্কট ৰোগত ভোগা লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here