কৰ’না ৰোগীক বীজাণুনাশক প্ৰয়োগ নকৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ

0
2378

বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীয়ে মানুহৰ জীৱন-সভ্যতা আৰু বিশ্বৰ প্ৰগতিৰ সন্মুখত এক ভয়ংকৰ প্ৰত্যাহ্বানৰূপে থিয় দিছে৷ যি সময়ত বিশ্বজুৰি কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সকলোৱে উঠিপৰি লাগিছে, তেনে সময়তে উচ্চতম ন্যায়ালয়ে জাৰি কৰা এটা নিৰ্দেশ শুনি সকলোৰে চকু কপালত উঠিছে; কিয়নো কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে মানৱ দেহত প্ৰয়োগ কৰা অতি বেঙুনীয়া ৰশ্মি, বীজাণুনাশক নাইবা ছেনিটাইজেশ্যন টানেল পদ্ধতি আদি বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ আদালতৰ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক এমাহৰ সময় ধৰি দিছে উচ্চতম ন্যায়ালয়ে৷ স্মৰ্তব্য যে ছেনিটাইজেশ্যন টানেল, বীজাণুনাশক স্প্ৰে’, অতি বেঙুনীয়া ৰশ্মি আদি নিষিদ্ধকৰণৰ বাবে গুৰচিমৰন সিং নাৰোলা নামৰ ছাত্ৰ এজনে ন্যায়াধীশ অশোক ভূষণৰ ওচৰত এখন জনস্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল৷ উল্লেখ্য যে কৰ’না ভাইৰাছ সংক্ৰমণৰ ৰোধৰ ক্ষেত্ৰত ছেনিটাইজাৰ, বীজাণুনাশক স্প্ৰে’ আদি বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ দেশত এইবিলাক বস্তুৰ প্ৰয়োগৰ ফলত কৰ’না ভাইৰাছৰ সংক্ৰমণ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে৷ যদি ন্যায়ালয়ৰ উক্ত নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে মানিবলগীয়া হয়, তেনেহ’লে অনাগত দিনত ছেনিটাইজাৰ, বীজাণুনাশক স্প্ৰে’, অতি বেঙুনীয়া ৰশ্মি আদিৰ বিকল্প হিচাপে কৰ’নাত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত কিদৰে চিকিৎসা সেৱা আগবঢ়ায়, সেয়া লক্ষণীয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here