কৰ’নাৰ পৰিপ্ৰেক্ষিতত মধ্য প্ৰদেশত সান্ধ্য আইন বলৱৎ

0
2067

সমগ্ৰ দেশত, বিশেষকৈ সীমান্তৱৰ্তী ৰাজ্যসমূহত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা হঠাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মধ্য প্ৰদেশ চৰকাৰে যোৱা ১৭ মাৰ্চৰ পৰা ভূপাল আৰু ইন্দোৰত নিশাৰ কাৰ্ফিউ বলৱৎ কৰিছে৷ গোৱালিয়ৰ, জবলপুৰ, উজ্জয়িনী, ৰতলম, ছিন্দৱাৰা, বুৰহানপুৰ, বেচপল আৰু খাৰগোনৰ আন আঠখন চহৰতো কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ কভিড-১৯ ৰ পৰিস্থিতিৰ নিৰীক্ষণ কৰিবলৈ ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত লৈছিল৷ মুখ্যমন্ত্ৰী চৌহানে জনগণক উদ্দেশ্যি কয় যে ৰাজ্যত কভিড-১৯ৰ সংক্ৰমণ যিদৰে বৃদ্ধি পাইছে, ই আমাৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে৷ জনসাধাৰণক এই মহামাৰীক গুৰুত্বসহকাৰে ল’বলৈ, মাস্ক পিন্ধিবলৈ আৰু সকলো কভিড প্ৰট’কল মানি চলিবলৈ অনুৰোধ জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here