‘ক্ৰিছমাছ ট্ৰি’ ছায়াপথে উন্মোচিত কৰিলে মহাবিশ্ব গঠনৰ ৰহস্য

0
12

মহাবিশ্ব অসীম আৰু ৰহস্যময়৷ স্বাভাৱিকতে মহাবিশ্বক লৈ মানুহ তথা বিজ্ঞানীৰ আগ্ৰহৰ কোনো শেষ নাই৷ সেই ধাৰাবাহিকতাই সম্প্ৰতি মহাবিশ্ব গঠনৰ ৰহস্য উন্মোচন কৰিছে ক্ৰিছমাছ ট্ৰিৰ দৰে দেখাত এক ছায়াপথে৷ গঠনৰ সময়ত ছায়াপথ দেখাত কেনেকুৱা আছিল, তাৰ এক ছবি প্ৰথমবাৰৰ বাবে তুলি ধৰিবলৈ সক্ষম হৈছে যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপ বা জে ডব্লিউ এছ টিয়ে৷ ছায়াপথৰ এই ছবিয়ে ক্ৰিছমাছৰ দৰেই অনুভূতি প্ৰদান কৰিছে মহাকাশ বিজ্ঞানীসকলৰ৷ স্কটলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী অধ্যাপক কেথৰিন হেইমেনে বিবিচিক কৈছে যে এই জলমল ছায়াপথে ক্ৰিছমাছৰ দৰে পোহৰেৰে উজলাই তুলিছে৷ বিজ্ঞানীয়ে লগতে কয় য়ে এই পোহৰৰ আছিল মহাবিশ্বৰ বয়স যেতিয়া ৬০ কোটি বছৰ আছিল, ঠিক সেই সময়ৰ দৰে৷ জেমছ ৱেব টেলিস্কোপৰ ছবিত দেখা গৈছে বিভিন্ন ৰঙৰ তৰাৰ সংমিশ্ৰণ৷ দূৰৱৰ্তী এই ছায়াপথটোক ফায়াৰফ্লাই নামেৰে বৰ্ণনা কৰিছে বিজ্ঞানীয়ে৷ কাৰণ দেখাত বিভিন্ন নানা ৰঙৰ জোনাকীৰ মিছিল অথবা সমাহাৰৰ দৰে দাবী কৰিছে৷ গৱেষণাৰ সহঃপ্ৰধান গৱেষক ড॰ লামিয়া মাওলাই জনাইছে যে মহাবিশ্ব গঠনৰ প্ৰাথমিক পৰ্যায়ত কি ঘটিছিল, তাৰ তথ্য পোৱাটো খুব বিৰল৷ জেমছ ৱেব টেলিস্কোপৰ ছবিত আচলতে এনে ছায়াপথ দেখা পোৱা গৈছে, যিবোৰ ছায়াপথৰ ফলত প্ৰক্ৰিয়াটো দেখা পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here