আমেৰিকাৰ লগতে পৃথিৱীৰ বহু দেশৰ কাৰণে সতৰ্কবাৰ্তা আহিছে যদিও এইবাৰ চীনৰ কাৰণেও আহিছে বিপদ বাৰ্তা৷ চীনৰ চহৰাঞ্চলৰ এক তৃতীয়াংশ বাসিন্দা অত্যন্ত শংকাপূৰ্ণ পৰিৱেশত বাস কৰিছে৷ কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা ফটোৰ জৰিয়তে চীনৰ ভূমিৰ অবনমনে অনাগত দিনত ডাঙৰ বিপদ নমাই আনিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ অকল চীনেই নহয়, ভূমিৰ অবনমন এই মুহূৰ্তত গোটেই পৃথিৱীলৈ সংকট নমাই আনিছে বুলি গৱেষকসকলে সদৰী কৰিছে৷ ব্ৰিটেইনৰ ইউনিভাৰছিটি অব এনগিলাৰ গৱেষকে ছাংহাই, বেইজিংসহ পৃথিৱীৰ ৮২ খন চহৰৰ বৰ্তমানৰ অৱস্থা জনাইছে কৃত্ৰিম উপগ্ৰহই তোলা ছবি তথা সংগৃহীত তথ্যৰ পৰা এই বিপদৰ ইংগিত পোৱা গৈছে৷ গৱেষকে জনোৱা অনুসৰি সামগ্ৰিকভাৱে ছাংহাই তথা বেইজিংসহ আন চহৰৰ ৭০ কোটি মানুহে এইমুহূৰ্তত আতংকময় পৰিৱেশত বাক কৰি আছে৷ কৃত্ৰিম উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্যৰ পৰা গৱেষকে জনাইছে যে চীনত ভূমিৰ অবনমন যি হাৰত বৃদ্ধি পাইছে, ২১২০ চনত এই গতি অব্যাহত থাকিলে তিনিগুণ পৰ্যন্ত বৃদ্ধি পাব৷ এইদৰে থাকিলে সমুদ্ৰপৃষ্ঠৰ বহু তললৈ বহি যাব বিস্তীৰ্ণ চহৰাঞ্চল৷ ইয়াৰ ফলত প্ৰায় প্ত.প্ত ৰ পৰা ১২.জ্জ্ব কোটি বাসিন্দা ক্ষতিগ্ৰস্ত হ’ব৷ আনহাতে বিজ্ঞানীয়ে জনাইছে যে এই মুহূৰ্তত চীনৰ ৪৫ শতাংশ চহৰাঞ্চলৰ অবনমন ঘটিছে, য’ত ১৬ শতাংশ এলেকাত বছৰি ১০ মিলিমিটাৰকৈ বহি আছে৷ আনহাতে বেইজিং তথা ইয়াৰ উপকূলৱৰ্তী চহৰ তিয়ানজিং এই ভূমি অবনমনৰ হটস্পট বুলি জনাইছে গৱেষকে৷ জলবায়ু পৰিৱৰ্তনৰ ফলত অত্যধিক সমুদ্ৰৰ জলস্তৰ বৃদ্ধিষ ভূগৰ্ভৰ পানী উত্তোলন, ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ এই অবনমনৰ বাবে দায়ী৷ বিগত সময়ত ছাংহাইৰ চহৰাঞ্চলত প্ৰায় তিনি মিটাৰ ভূমিৰ অবনমন ঘটিছে বুলি দাবী কৰিছে গৱেষকে৷ ইয়াৰ বাবে মূলতঃ মানুহেই দায়ী বুলিও সদৰী কৰিছে গৱেষকে৷