সমুদ্ৰৰ ধাৰত বালিৰ দীঘল তট৷ সেই ঠাইবোৰত মানুহে খোজকাঢ়ি বা স্নান কৰি সমুদ্ৰৰ মাদকতা অনুভৱ কৰে৷ সমুদ্ৰৰ সুধা পান কৰে এই সমুদ্ৰৰ এই বিশেষ অঞ্চলত৷ ইয়াতে হঠাতে আৱিৰ্ভাৱ হ’ল প্ৰচুৰ পৰিমাণৰ সৰু সৰু নীলা বল৷ শ শ নীলা বল ভাহি আহিল সমুদ্ৰৰ বুকুৰ পৰা আৰু সমুদ্ৰৰ তীৰত লাগি ধৰেহি৷ এইবোৰ প্ৰত্যক্ষ কৰা লোকসকলে এইবোৰনো কি, ক’ৰপৰা আহিল, কোনো সাগৰীয় প্ৰাণী নেকি, না আন কিবা আদি মনলৈ একাধিক প্ৰশ্ন আহিল৷ সেই সময়ত বালিত খোজকঢ়া লোকসকলৰ মনত নানা কৌতূহলৰ সৃষ্টি হ’ল আৰু ইয়াৰ ৰহস্য জানিবলৈ বিচাৰিলে৷ নীলা ৰঙৰ বলবোৰ ভালদৰে লক্ষ্য কৰাত দেখা গ’ল এইবোৰ ৰবৰৰে তৈয়াৰী, খুব নৰম আৰু কোমল৷ কিন্তু ইমান বৃহৎসংখ্যক বল কিয় সমুদ্ৰত ভাহি আহিল৷ গতিকে প্ৰশাসনত কথাটো অৱগত কৰিলে স্থানীয় নাগৰিকে৷ পাছত বিশেষজ্ঞই এই বলবোৰ পৰীক্ষা কৰাত জানিব পাৰিলে যে এইবোৰ আচলতে এনেধৰণৰ বল, যি বিদ্যুৎ কেন্দ্ৰত ব্যৱহাৰ কৰা হয়৷ বিদ্যুৎ কেন্দ্ৰৰ পাইপ পৰিষ্কাৰ কৰিবলৈ এই বলবোৰ ব্যৱহাৰ কৰা হয়৷ ঘটনাটো এনেধৰণৰ যে ওচৰতে কোনো বিদ্যুৎ কেন্দ্ৰৰ পৰা এইদৰে অজস্ৰ নীলা বল সমুদ্ৰৰ পানীত পৰি ভাহি আহে৷ ইয়াৰ পাছত অনুসন্ধান কৰি গম পোৱা গ’ল যে এই বলবোৰ হাৰ্টলপুল পাৱাৰ ষ্টেচনৰ পৰা ওলাই আহি সমুদ্ৰৰ পানীত পৰিছে৷ আচলতে এইবোৰ কোনো তেজস্ক্ৰিয় পদাৰ্থ নহয়৷ অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব যে এই বলবোৰে মানুহৰ কোনো ক্ষতি নকৰিলেও সামুদ্ৰিক মাছ বা অন্য প্ৰাণীৰ কাৰণে ক্ষতিকাৰক৷ সেয়ে অতি সোনকালে সেই বলবোৰ সমুদ্ৰৰ পৰা তুলি পেলোৱাটো অত্যন্ত জৰুৰী৷ উক্ত ঘটনাটো ঘটিছে ব্ৰিটেইনৰ বহুকেইটা সমুদ্ৰৰ তীৰত৷