কোলাজেন আৰু হবই উভয়েই দুটা জনপ্ৰিয় সম্পুৰক৷ উভয়তেই প্ৰ’টিন, এমিন’ এচিড থাকিলেও ইয়াৰ মাজত বহুতো পাৰ্থক্য আছে৷ কোলাজেন হ’ল এটা কাঠামোগত প্ৰ’টিন, যি কোষ আৰু টিছুবোৰক ছাপ’ৰ্ট দিয়ে আৰু এইবোৰৰ আকৃতি প্ৰদান কৰে৷ ই হাড়, ছাল, চেণ্ডন, লিগামেণ্ট আৰু পেশীৰ গঠনত ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ কোলজেন সম্পুৰক ছাল, নখ, চুলি, গাঁঠিক সুস্থ ৰখাত সহায় কৰে৷ আনহাতে হুই হ’ল গাখীৰৰ পৰা প্ৰাপ্ত প্ৰ’টিন৷ এই হুৱে সাধাৰণতে পেশী তৈয়াৰত, শৰীৰচৰ্চাৰ পাছত ইয়াৰ পুনৰুদ্ধাৰ আৰু প্ৰতিদিনে প্ৰ’টিন গ্ৰহণ বঢ়োৱাত সহায় কৰাৰ বাবে ব্যৱহূত হয়৷ এক কথাত কোলাজেন আৰু হুই উভয়েই উপকাৰী প্ৰ’টিন৷ অত্যাৱশ্যকীয় এমিন’ এচিড শৰাৰে নিজে উৎপন্ন কৰিব নোৱাৰে৷ এই এমিন’ এচিড খাদ্য জৰিয়তে শৰীৰত প্ৰৱেশ কৰে৷ সেই ক্ষেত্ৰত হুই প্ৰ’টিন হ’ল এটা সম্পূৰ্ণ প্ৰ’টিন, য’ত নটা অপৰিহাৰ্য এমিন’ এচিড থাকে৷ যাৰ মাজত আছে ব্ৰাঞ্চড চেইন এমিন’ এচিড, লিউচিন, আইছোলিউচিন, ভেলাইন আদি৷ গৱেষণাৰ পৰা দেখা গৈছে যে ব্ৰাঞ্চড চেইন এমিন’ এচিডে পেশীৰ বৃদ্ধিক উদ্দীপিত কৰাত তথা শক্তি উৎপাদন বৃদ্ধি কৰাত সহায় কৰে৷ ইয়াৰ উপৰি হুই প্ৰ’টিনত কম পৰিমাণে চৰ্বি তথা কাৰ্বহাইড্ৰেট থাকে৷ ইয়াৰ বিপৰীতে অত্যাৱশ্যকীয় এমিন’ এচিড ট্ৰিপটোফেনৰ অভাৱ, ব্ৰাঞ্চড চেইন এমিন’ এচিড আৰু লাইচিনৰ পৰিমাণ কম থকা কোলাজেন প্ৰ’টিনক অসম্পূৰ্ণ বুলি ভবা হয়৷ কোলাজেন হ’ল এনে এবিধ প্ৰ’টিন, যি আপোনাৰ ছাল, হাড় তথা সংযোগকাৰী টিছুক ছাপ’ৰ্ট কৰে৷ মানুহৰ শৰীৰত স্বাভাৱিকভাৱেই উৎপাদন হয়৷ যদিও বয়স বঢ়াৰ লগে লগে ইয়াৰ উৎপাদন হ্ৰাস পায়৷ যাৰ ফলত বাৰ্ধক্যজনিত লক্ষণ যেনে– বলিৰেখা তথা গাঁঠিৰ বিষ আদি হ’ব পাৰে৷ কোলাজেনে ছালৰ যত্ন লয়৷ সাম্প্ৰতিক গৱেষণাত দেখা গৈছে যে প্ৰতিদিনে ৰ.১০ গ্ৰাম কোলাজেন গ্ৰহণ কৰিলে বলিৰেখা কমাত সহায়ক হয়৷ ছালৰ স্থিতিস্থাপকতা, দৃঢ়তা, উজ্জ্বলতা তথা আদ্ৰৰ্তা বৃদ্ধি পায়৷ আনহাতে হুই হ’ল উচ্ছমানৰ প্ৰ’টিন৷ হুইৰ উপস্থিতিত এমিন’ এচিডবোৰ শৰীৰত দ্ৰুত শোষিত হয়৷ শৰীৰচৰ্চাৰ সময়ত পেশী বৃদ্ধি আৰু মেৰামতিৰ কাৰণে ই ভাল বিকল্প৷ হুই প্ৰ’টিনে ওজন নিয়ন্ত্ৰণ ৰখাত সহায় কৰে৷ গৱেষণাত দেখা গৈছে যে যিসকলে হুই প্ৰ’টিন গ্ৰহণ কৰে, তেওঁলোকৰ শৰীৰৰ ওজন আৰু চৰ্বি তুলনামূলক দ্ৰুতভাৱে কমে৷